Advertisment

জয়পুৰ আন্তর্জাতিক চলচ্ছিত্ৰ মহোৎসৱত অসমীয়া ছুটি ছবি 'অনচুনী ছিখে' ৰ সাফল্য...

জয়পুৰ আন্তর্জাতিক চলচিত্র মহোৎসৱৰ আন্তৰাষ্ট্ৰীয় প্রতিযোগিতা শাখাত ৱল্ডউদ ইণ্টাৰনেচনেল পেনোৰামা'ত প্রদর্শিত হৈছে ড' পার্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত চুটি ছবি "অনচুনী ছিখে" (Ansuni Chinkhe)।

author-image
Asomiya Pratidin
New Update
জয়পুৰ আন্তর্জাতিক চলচ্ছিত্ৰ মহোৎসৱ

জয়পুৰ আন্তর্জাতিক চলচ্ছিত্ৰ মহোৎসৱ Photograph: (জয়পুৰ আন্তর্জাতিক চলচ্ছিত্ৰ মহোৎসৱ)

ডিজিটেল ডেস্কঃ  জয়পুৰ আন্তর্জাতিক চলচ্ছিত্ৰ মহোৎসৱৰ আন্তৰাষ্ট্ৰীয় প্রতিযোগিতা শাখাত ৱল্ডউদ ইণ্টাৰনেচনেল পেনোৰামা'ত প্রদর্শিত হৈছে ড0 পার্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনাত নির্মিত চুটি ছবি "অনচুনী ছিখে" (Ansuni Chinkhe)।

Advertisment

চুটি ছবিখন প্রযোজনা কৰিছে মীনা মহন্ত আক ইন্দ্রানী বৰুৱাই। যোৱা ১৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা জয়পুৰ আন্তর্জাতিক চলচিত্র মহোৎসৱত প্রদর্শিত "অনচুনী ছিখে" চুটি ছবিখনৰ একমাত্র চৰিত্ৰটোত অভিনয় কৰিছে প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে।

গৌৰৱৰ কথা যে মহোৎসৱৰ চুটি ছবি শাখাত অভিনেত্ৰীগৰাকীয়ে 'শ্রেষ্ঠ অভিনেত্রী' আৰু পৰিচালক ড° পার্থ সাৰথি মহন্তই শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

এই মহোৎসৱৰ সামৰণি পৰিব অহা ২১ জানুৱাৰীত। উল্লেখযোগ্য যে ১৭ সংখ্যক এই চলচিত্র মহোৎসৱত অভিলেখ সংখ্যক ৮৮ খন দেশৰ ২৪০৮ খন চলচিত্র অন্তর্ভুক্ত হৈছে।

জয়পুৰ