/asomiyapratidin/media/media_files/2025/05/16/iJq8mQEMBPaT7v4LLv6b.jpg)
পাকিস্তানক সমৰ্থন কৰি ৰঙা ঘৰৰ আলহী হ'ল আন এজন যুৱক
ডিজিটেল সংবাদ ,ডবকা: পাকিস্তানক সমৰ্থন কৰি ৰঙা ঘৰৰ আলহী হ'ল ডবকাৰ এজন যুৱক ৷ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নাম ডবকা গাওঁৰ বলু মিঞাৰ পুত্ৰ আব্দুল ছামাদে সামাজিক মাধ্যম ফেচবুকত পাকিস্তানক সমৰ্থন কৰি প'ষ্ট দিয়াৰ অভিযোগত ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷
যুৱকজনে সামাজিক মাধ্যমত দিয়া বিশেষ প'ষ্টটোত প্ৰথমে চকু পৰে হিন্দুসেনা নামৰ সংগঠনটোৰ। তাৰপিছতে হোজাই আৰক্ষীক অভিযোগ কৰে সংগঠনৰ নেতৃত্বই ৷ যুৱকজনৰ বিৰুদ্ধে ডবকা থানাত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷ সোধা-পোচাৰ অন্তত ডবকা আৰক্ষীয়ে ২৮/২০২৫ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে। সম্প্ৰতি যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷