/asomiyapratidin/media/media_files/2025/02/28/twU1tlFrXjx551qjuDKj.jpg)
ৰাজ্যত পুনৰ ট্ৰেডিং কাণ্ড
ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ পোহৰলৈ আহিছে ট্ৰেডিঙৰ আন এক ঘটনা। এইবাৰ কামৰূপ গ্ৰাম্য জিলাৰ ৰাণীত সংঘটিত হৈছে এই ঘটনা। বৃহত্তৰ ৰাণী অঞ্চলত ট্রেডিঙৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন লোকক।
জানিব পৰা মতে, অঞ্চলটোৰ স্থানীয় যুৱক অমৰ দাসৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে চিন্ময় দাসক। উল্লেখযোগ্য যে ৰাণী আৰক্ষী চকীত চিন্ময় দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অমৰ দাস নামৰ যুৱকজনে। এই এজাহাৰৰ ভিত্তিতেই শুকুৰবাৰে সন্ধিয়া চিন্ময়ক আটক কৰে আৰক্ষীয়ে।
ট্ৰেডিঙৰ ঘটনাৰে নাম সাঙোৰ খোৱা চিন্ময়ে বহু লোকৰ পৰা প্রায় ৫০ কোটি টকা ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সম্প্রতি পলাশবাৰী আৰক্ষী থানাত ৰখা হৈছে চিন্ময় দাসক।
ইফালে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত চিন্ময় দাসৰ বিয়াৰ দিন ধাৰ্য কৰা হৈছে ৬ মাৰ্চত। এগৰাকী প্রশাসনিক বিষয়াৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰিছিল চিন্ময় দাসে।