/asomiyapratidin/media/media_files/2025/02/14/dui0V3Ir2JmJLgmtSK9I.png)
গায়ক সীমান্ত শেখৰৰ বিৰুদ্ধে আন এক বিতৰ্ক
ডিজিটেল ডেস্ক : “জিলিলে জিলেলেৰ...“ পাছত এইবাৰ আন এটি গীতৰ সুৰ চুৰি কৰাৰ অভিযোগ উঠিছে সীমান্ত শেখৰৰ বিৰুদ্ধে। সীমান্ত শেখৰে কণ্ঠদান কৰা “গগৈদা বুলি মাতিছা....“ শীৰ্ষক গীতটোৰ সুৰ আচলতে কাৰ ? এই গীতটো প্ৰস্তুত কৰোতো সীমান্ত শেখৰে লোৱা নাছিল আচল সুৰকাৰৰ অনুমতি।
এইবাৰ ৰাজীৱ শদিয়া নহয়, গীতিকাৰ- সুৰকাৰ ৰবীন বৰাই তুলিছে এই অভিযোগ। সীমান্ত শেখৰে কণ্ঠ দিয়া “গগৈদা বুলি মাতিছা...“ শীৰ্ষক গীতটিৰ সুৰ আচলতে ৰবীন বৰাৰ। একেদৰে গীতটিৰ কথা মানস ৰবীনৰ। ‘গীতাঞ্জলী’ নামৰ কেছেটটিত জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল- “মা- দেউতা, ভাই- ভনীয়ে সদায় মৰম কৰিছে। তথাপিতো মোৰ হৃদয়ে তোমাৰ মৰম বিচাৰে।“ শীৰ্ষক গীতটি। এই গীতটিৰ সুৰ চোৰ কৰি পাছলৈ সীমান্ত শেখৰে নতুনকৈ প্ৰস্তুত কৰিছিল “গগৈদা বুলি মাতিছা....“ শীৰ্ষক গীতটো।
কেৱল ইমানেই নহয় এই গীতটো প্ৰস্তুত কৰোতে গায়ক সীমান্ত শেখৰে লোৱা নাছিল ৰবীন বৰাৰ পৰা অনুমতি। ন্যূনতমো জ্ঞান নথকা সীমান্ত শেখৰে সুৰকাৰ ৰবীন বৰাক স্বীকৃতি দিয়াৰ বিপৰীতে সঞ্জয় এলবাৰ্ট নামৰ লোকজনক দিছিল গীতিকাৰ আৰু সুৰকাৰৰ স্বীকৃতি।
উল্লেখযোগ্য যে মানস ৰবীনেও এই গীতটিৰ সুৰৰ আধাৰত আন গীত ৰচনা কৰিছিল। মানস ৰবীনে কিন্তু গীত প্ৰস্তুত কৰাৰ আগেয়ে ৰবীন বৰাৰ পৰা লৈছিল অনুমতি। গীতটি ইউটিউবত আপোলড কৰোতে সুৰকাৰ ৰবীন বৰাক দিছিল স্বীকৃতি। কিন্তু সীমান্ত শেখৰৰ এই কাণ্ডই আঘাত দিছে মূল সুৰকাৰ ৰবীন বৰাক।
সদ্য প্ৰয়াত ৰাজীৱ শদিয়াৰ “জিলেলে জিলেলে…” গীতটি চুৰ কৰা সীমান্ত শেখৰৰ বিতৰ্ক চলি থকাৰ মাজতে নতুনকৈ উক দিয়া এই বিতৰ্কইয়ো ভিন্ন মহলত চৰ্চা লাভ কৰিছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলেৰে হোৱা এক বাৰ্তালাপত সুৰকাৰ- গীতিকাৰ ৰবীন বৰাই দুখ প্ৰকাশ কৰে। লগতে তেওঁ সীমান্ত শেখৰৰ এই কাণ্ডৰ সবিশেষ কথা উল্লেখ কৰে।
তেওঁ আক্ষেপ প্ৰকাশ কৰি কয় যে আমি গীত এটিৰ আঁৰত থকা মানুহ। ৯০০/১,০০০ গীতৰ সুৰ কৰিছো, লিখিছো। পাৰিশ্ৰমিক দূৰৈৰ কথা, সাধাৰণ স্বীকৃতিটো নিদিয়া কথাটোৱে বেজাৰ দিয়ে। বিশেষ নকওঁ- আমি সাধনা কৰো, কিছুমানে চুৰ কৰে বুলি তেওঁ দুখ প্ৰকাশ কৰে।