গোলাঘাটৰ ৮৭০ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা...

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি মন্ত্ৰী অজন্তা নেওগ

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ ৮৭০ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা...

ডিজিটেল সংবাদ,গোলাঘাটঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো বুধবাৰে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত ষ্টাৰ নম্বৰ আৰু ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে গোলাঘাটৰ বিৰাংগণা সাধনী কলাক্ষেত্ৰত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

Advertisment

মন্ত্ৰী গৰাকীয়ে গুণগত শিক্ষা আৰু নৈতিক শিক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে সফলতা এদিনতে নাহে তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায় লাগিব । শিক্ষাক সমাজৰ ভেঁটি বুলি উল্লেখ কৰি শিক্ষক আৰু অভিভাৱকসকলক নম্বৰৰ পিছত দৌৰাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীক সৎ নাগৰিক হিচাপে গঢ়ি তোলাত গুৰুত্ব দিবলৈ আহ্বান জনায় । ইণ্টাৰনেট আৰু বিজ্ঞান-প্ৰযুক্তি বৰ্তমানৰ যুগত ছাত্ৰ ছাত্ৰী সকলক তেওঁ নিজৰ সামাজিক আৰু নৈতিক দায়িত্বৰ কথা পাহৰি নগৈ কষ্ট আৰু প্ৰয়াসেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । লগতে কয় যে কোনো পৰিস্থিতিতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পিতৃ মাতৃ আৰু শিক্ষক সকলক পাহৰি যোৱা উচিত নহয় ।

প্ৰসংগক্ৰমে মন্ত্ৰী গৰাকীয়ে জনসাধাৰণক অংগনৱাড়ী কেন্দ্ৰ একোটা 'এডপ্ট' কৰি কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু অন্যান্য দিশ চোৱা চিতা কৰিবলৈ আহ্বান জনায় । শিক্ষানুষ্ঠান সমূহক মন্দিৰৰ সৈতে তুলনা কৰি এনে মন্দিৰতে উপযুক্ত মানৱ সম্পদ গঢ় দিব পৰাকৈ গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে কয় যে অৰ্থনৈতিক অৱস্থা শিক্ষা গ্ৰহণৰ অন্তৰায় নহয়, মানসিকতাহে মূল কথা ।

অনুষ্ঠানত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে দিয়া ভাষণত ছাত্ৰ-ছাত্ৰীসকলক এটা লক্ষ্য স্থিৰ কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাবলৈ আহ্বান জনায় । অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এলাহ পৰিহাৰ কৰি কঠোৰ অধ্যৱসায়েৰে লক্ষ্য প্ৰাপ্তিৰ দিশত অগ্ৰসৰ হ'বলৈ আহ্বান জনায় । অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মুঠ ৮৭০ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ২০২২ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ অধীনত তেওঁলোকৰ বেংক একাউণ্টত ১৬,০০০ টকাকৈ ধন আগবঢ়োৱা হৈছে ।

assam ajanta neog