/asomiyapratidin/media/media_files/2024/11/20/3m6ZovJvyzPVamh3ef3S.jpg)
ডিজিটেল সংবাদ, যোৰহাট : সৰ্বভাৰতীয় সমন্বিত শস্য চপোৱাৰ পৰবৰ্তী পৰ্যায়ৰ অভিযান্ত্ৰিকী আৰু প্ৰযুক্তি গৱেষণা প্ৰকল্পৰ ৪০ সংখ্যক বাৰ্ষিক কৰ্মশালা বুধবাৰৰ পৰা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰ্মশালাখন উদ্ধোধন কৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান(অভিযান্ত্ৰিক)ড০ এছ এন ঝাই।
অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত উপ সঞ্চালক প্ৰধান ঝাই উদ্যান শস্যৰ ক্ষেত্ৰত অসম চহকী বুলি উল্লেখ কৰে। লগতে ইয়াৰ সংসাধনৰ বাবে প্ৰযুক্তি কৌশলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
থলুৱা পৰ্যায়ত উদ্ভাৱিত প্ৰযুক্তি কৌশলৰ উত্তৰণ ঘটোৱাৰ জৰিয়তে এই দিশত অধিক লাভাৱান্বিত হ'ব পাৰে বুলি উল্লেখ কৰে। সমান্তৰালভাৱে অভিযান্ত্ৰিক সামৰ্থ্য বৃদ্ধিৰে বহু দিশত ব্যৱহাৰিক আৰু বাণিজ্যিকভাৱেও সফল হ'ব পৰা যায়।
অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথিৰ বক্তব্যত কয় যে সঠিক মাত্ৰাত যন্ত্ৰপাতি আৰু প্ৰযুক্তি কৌশলৰ ব্যৱহাৰৰ জৰিয়তে শস্য চপোৱাৰ পৰবৰ্তী পৰ্যায়ৰ ক্ষতি কমাব পৰা যায়।
লগতে ক্ষতিৰ বিশ্লেষণৰ জৰিয়তে লোকচানৰ পৰিমাণ নিৰ্ধাৰণ কৰি ইয়াৰ ভিত্তিত কাৰিকৰী কৌশলৰ বাণিজ্যিকীকৰণ আৰু ব্যৱহাৰযোগ্য কাৰিকৰী কৌশলৰ দিশতো উন্নতি সাধন কৰি সঠিককৈ আগবাঢ়িব পৰা যায়। ড০ আৰ কে বিশ্বকৰ্মাই সমন্বয়কৰ প্ৰতিবেদন আগবঢ়োৱা অনুষ্ঠানটোত ৰাঁচীস্থিত "নিচা"ৰ সঞ্চালক অভিজিত কৰ, নতুন দিল্লীস্থ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ কে নৰসীহ, 'চিপেট" ৰ সঞ্চালক ড০ নাচিকেট কটৱালিৱালে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত কেইবাখনো গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰা হয়। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে কৰ্মশালাৰ সাংগঠনিক সম্পাদক ড০ অভিজিত বৰাই ।
উল্লেখ্য যে এই সৰ্বভাৰতীয় সন্মিলনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনত অভিযান্ত্ৰিক শাখাৰ প্ৰকল্পৰ শতাধিক গৱেষক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে।