/asomiyapratidin/media/media_files/2026/02/01/42-2026-02-01-12-38-40.jpg)
ডিজিটেল সংবাদ, মায়ং : দেওবাৰৰ পৰা মৰিগাঁও জিলাৰ মায়ঙৰ বহা বৰঝাৰীত আৰম্ভ হয় সদৌ অসম দেৱদামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশন। আজি প্ৰথম দিনাই উৎসৱ মুখৰ পৰিৱেশ বিৰাজ কৰিছে অধিৱেশনথলীত।
ইতিমধ্যে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুকলমে সম্পন্ন হৈছে।গ্ৰন্থ বিপনীৰ দ্বাৰ মুকলি কৰা হৈছে।কিছু সময়ৰ পিছতেই আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us