Advertisment

উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন সম্পন্ন

জামুগুৰিহাটৰ‌ ধলাইবিলৰ উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠানৰ সোমবাৰে সফল সমাপ্তি ঘটে। এই উপলক্ষে পুৱা বিদ্যালয়খনৰ অধ্যক্ষ দ্বীপ হাজৰিকাই ছহিদ তৰ্পণ মুকলি কৰে। 

author-image
Asomiya Pratidin
New Update
school week

school week

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ‌ ধলাইবিলৰ উত্তৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠানৰ সোমবাৰে সফল সমাপ্তি ঘটে। এই উপলক্ষে পুৱা বিদ্যালয়খনৰ অধ্যক্ষ দ্বীপ হাজৰিকাই ছহিদ তৰ্পণ মুকলি কৰে। 

Advertisment

ইয়াৰ পাছতে প্ৰাচীৰ পত্ৰিকা “বোধিদ্ৰুম” উন্মোচন কৰে বিদ্যালয়খনৰ অৱসৰী অধ্যক্ষা প্ৰতিভা দেৱীয়ে৷ দুপৰীয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী অৱন্তী ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ লীলা ভূঞাই। 

ভূঞাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তত্ত্বগধূৰ বক্তব্য প্ৰদান কৰে৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী লাহৰি বৰা হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক কমল ৰাজবংশীয়ে৷ সভাত বিভিন্ন প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলৰ মাজত বঁটাসমূহ বিতৰণ কৰা হয় ৷

জামুগুৰিহাট