Advertisment

মঙলদৈত অসম ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ বাৰ্ষিক অধিবেশন

অসম ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ (এডেচা ) বাৰ্ষিক অধিবেশন তথা অসম অৱসৰপ্ৰাপ্ত ডিপ্লমা অভিযন্তা সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখন মংগলদৈ এডেচা মন্ডলৰ আতিথ্যত মংগলদৈ সৈনিক ভৱনত সুচাৰুৰূপে সমাপন হয়

author-image
Asomiya Pratidin
New Update
mangadai

ডিজিটেল সংবাদ, গুৱাহাটী : অসম ডিপ্লমা অভিযন্তা সেৱা সন্থাৰ (এডেচা ) বাৰ্ষিক অধিবেশন তথা অসম অৱসৰপ্ৰাপ্ত ডিপ্লমা অভিযন্তা সন্থাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখন মংগলদৈ এডেচা মন্ডলৰ আতিথ্যত মংগলদৈ সৈনিক ভৱনত সুচাৰুৰূপে সমাপন হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি শতাধিক সদস্যই অংশগ্ৰহণ কৰা অনুষ্ঠানটি প্ৰথমতে এডেচাৰ পতাকা উত্তোলনৰে আৰম্ভ হয়৷ 

Advertisment

এডেচাৰ পতাকা উত্তোলন কৰে সভাপতি নয়ন কুমাৰ দত্তই আৰু অৱসৰপ্ৰাপ্ত সন্থাৰ হৈ সভাপতি মনোজ পাটগিৰিয়ে৷ ইয়াৰ পিছতে  স্মৃতি তৰ্পন অনুষ্ঠানটিত চাকি বন্তি জ্বলাই স্মৃতি তৰ্পন কৰে এডেচাৰ সম্পাদক সঞ্জীৱ কুমাৰ ডেকাই৷ অনুষ্ঠানটিৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত সহকাৰী কাৰ্য্যবাহী অভিযন্তা চহিৰ ভূঞাই৷

ইয়াৰ পিছতে এডেচাৰ বাৰ্ষিক অধিবেশনত সভাপতিত্ব কৰে সভাপতি নয়ন কুমাৰ দত্তই ৷ সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত সন্থাৰ সভাপতি মনোজ পাটগিৰি আৰু সম্পাদক প্ৰমোদ বৰা লগতে এডেচাৰ উপ-সভাপতিদ্বয় চক্ৰসিং মিলি, নৱ শৰ্মা,  সম্পাদক সঞ্জীৱ কুমাৰ ডেকা প্ৰমুখ্যে এডেচা আৰু অৱসৰপ্ৰাপ্ত ডিপ্লমা অভিযন্তা সন্থাৰ  বিষয়ববীয়াসকল৷ 

সভাত বিভিন্ন বক্তাই ডিপ্লমা অভিযন্তাসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোকপাত কৰে ৷ মূলতঃ  এন আৰ চিৰ কামত এল আৰ চি আৰৰ দৰে গধুৰ দায়িত্ব , নিৰ্বাচনৰ সময়ত পে-বেন্ডৰ লগত সামঞ্জস্য নথকা বহু গধুৰ দায়িত্ব মূৰ পাতি লোৱাৰ লগতে  বানপানীৰ সময়ত কনিষ্ঠ অভিযন্তাসকলে ওৰেটো ৰাতি উজাগৰে থাকি জনসাধাৰণৰ জীৱনৰ স্বাৰ্থত মথাউৰিৰ ওপৰতে নিশা পহৰা দিয়া  লগতে ওৰেনিশা পথ আদি নিৰ্মাণৰ কামত লাগি থকাৰ ওপৰিও চৰকাৰৰ দ্বাৰা প্ৰক্ষেপিত  যিকোনো দায়িত্ব মুৰ পাতি লোৱা এই কনিষ্ঠ  অভিযন্তা সকলৰ দৰমহা পে-বেন্ড ২ ত থকাটো অতিশয় দূৰ্ভাগ্যজনক৷ 

অতিশয় দুখজনক যে ওৰেটো জীৱন এগৰাকী কনিষ্ঠ অভিযন্তাই একেটা পদতে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিবলগীয়া হোৱাটো আৰু এক দূৰ্ভাগ্যজনক লগতে হতাশাজনক কথা৷ জীৱনত এটাও প্ৰমোচন অবিহনে চাকৰীজীৱন সামৰিব লগা অসম চৰকাৰৰ অধীনত দ্বিতীয় কোনো চাকৰি নিশ্চয় নোলাব৷ 

চৰকাৰক এই দুয়োটা দিশতে মানৱীয় দৃষ্টিভংগীৰে চাই উচিত পদক্ষেপ ল’বৰ বাবে সদস্যসকলে সভাত অৱগত কৰায়৷ ২৫ বছৰধৰি এটাও প্ৰমোচন লাভ নকৰা বিভিন্ন বিভাগৰ কনিষ্ঠ অভিযন্তা সকলক এক্স-কেডাৰ পদ সৃষ্টিৰে প্ৰমোচনৰ ব্যৱস্থা কৰাৰ বাবে যিখন উচ্চস্তৰীয় কমিটি চৰকাৰে গঠন কৰিছে সেই কমিটিৰ দ্বাৰা অনুমোদিত সকলক অতিশীঘ্ৰে এক্স-কেডাৰ প্ৰমোচনৰ ব্যৱস্থা কৰাৰ বাবে অসম চৰকাৰক অনুৰোধ জনায়৷ 

সভাত অসম অৱসৰপ্ৰাপ্ত ডিপ্লমা অভিযন্তা সন্থাৰ পৰৱৰ্তী ২০২৪-২৬ বৰ্ষৰ বাবে অৱসৰপ্ৰাপ্তসকলৰ মাজৰ পৰা বৰপেটাৰ নিকুঞ্জ মোহন দাসক সভাপতি আৰু গুৱাহাটীৰ সুবাহন আলি আহমেদক সম্পাদক হিচাপে লৈ এখন ৩০ জনীয়া কমিটি গঠন কৰা হয়৷

আবেলি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে এডেচাৰ উপ-সভাপতি চক্ৰসিং মিলিয়ে৷ সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য-উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা, উপদেষ্টা অৰবিন্দ দাস , উপ-সভাপতিসকল ক্ৰমে প্ৰদীপ ৰাজখোৱা , কুমুদ কটকী , শৰৎ দাস কৰ্ণধাৰ কমিটিৰ সদস্যসকল ক্ৰমে উৎপল চক্ৰৱৰ্তী, ৰুহুল আমিন, আজিজুৰ ৰহমানকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি সাৰুৱা বক্তৃতা প্ৰদান কৰে৷ 

বিশেষকৈ বাসব চন্দ্ৰ কলিতা ডাঙৰীয়াই পৰবৰ্তী সময়ত গঠন হ’ব লগা দৰমহা আয়োগৰ ওচৰত কনিষ্ঠ অভিযন্তাসকলৰ দৰমহাৰ আসোঁৱাহৰ বিষয়ে তথ্যসহকাৰে উপস্থাপন কৰিব লাগিব বুলি কয়। লগতে ইমান দায়িত্বপূৰ্ণ পদবীত কাৰ্য্যনিৰ্বাহ কৰা কনিষ্ঠ অভিযন্তাসকলৰ দৰমহা পে-বেন্ড ২ ত থকাটো অতিশয় চিন্তনীয় বুলি তেখেতৰ ভাষণত কয়৷
শেষত এডেচাৰ উপদেষ্টা ৰঞ্জন মহন্তই আগবঢ়োৱা শলাগৰ শৰাইৰ পিছত এডেচাৰ সদস্যসকলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক অনুষ্ঠানেৰে অধিবেশনখনৰ সফল সমাপ্তি হয় ৷

MANGADAI