শ'লগুৰি সমবায় সমিতৰ বার্ষিক সাধাৰণ সভাৰ আয়োজন

শ'লগুৰি সমবায় সমিতৰ বার্ষিক সাধাৰণ সভাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
শ'লগুৰি সমবায় সমিতৰ বার্ষিক সাধাৰণ সভাৰ আয়োজন

ডিজিটেল সংবাদ, নামতি: শিৱসাগৰ জিলাৰ শলগুৰি সমবায় সমিতৰ বার্ষিক সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। শনিবাৰে শলগুৰি সমবায় সমিতিখনৰ সভাপতি বিনয় তামুলী আৰু সম্পাদক জয়ন্ত বৰাই এক প্ৰেছ বিবৃত্তিৰ যোগে জানিবলৈ দিয়া মতে, সাধাৰণ সভাখন অহা ২১ চেপ্তেম্বৰৰ দিনা দিনৰ ১১ বজাত কালুগাঁওস্থিত শ'লগুৰি সমবায় সমিতৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব।

Advertisment

সমিতিৰ ২০২৪-২০২৫ চনৰ বার্ষিক সাধাৰণ সভাখন অসম সমবায় আইন ২০০৭ অনুসৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। উক্ত সভাত বিশেষকৈ সমিতিৰ হিচাপ দাখিল, ২০২৪-২৫ বর্ষৰ বাবে আভ্যন্তৰীণ হিচাপ পৰীক্ষক নিযুক্তি ও পাৰিতোষিক নিৰ্দ্ধাৰণ, ঋণৰ সর্বোচ্চসীমা নিৰ্দ্ধাৰণ, সম্ভাব্য বাজেট গ্রহণৰ লগতে বহু গুৰুত্বপূৰ্ণ আলোচনা কৰিব। সভাখনত শলগুৰি সমবায় সমিতি লিমিটেডৰ সকলো অংশীদাৰক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।

Also Read: স্বায়ত্ব শাসিত স্বীকৃতিত উল্লাসিত ঢকুৱাখনা মহাবিদ্যালয় পৰিয়াল

sivasagar