/asomiyapratidin/media/media_files/2025/02/10/90VzsN5UidGAvJeEi1we.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ অধীনৰ বৰদোৱা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ বাৰ্ষিক পৰীক্ষা বটদ্ৰৱাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয়। দেওবাৰে পৰীক্ষা কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থানৰ বৰনাম গোৱা ডম্বৰুধৰ গাঁয়নে।
পৰীক্ষাত নিৰীক্ষকৰূপে উপস্থিত থাকে শিৱসাগৰ জিলাৰ ৰানা মহন্ত। ইয়াৰোপৰি উক্ত কাৰ্যসূচীত বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, শিল্পী পুণিৰাম বৰা গায়ন, ত্ৰিকেন্দ্ৰ জিৎ দেৱ গোস্বামী, উপেন শইকীয়া, প্ৰদীপ গোস্বামী, ৰনিতা বৰঠাকুৰ, বিৰেন কলিতা, অৰ্চনা বৰুৱা, ৰীনা বৰুৱা, ৰিংকি বৰকাকতী, সীমা মহন্ত, অনুজ বৰুৱা, দীগন্ত দাস, লগতে, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।
পৰীক্ষা কাৰ্যসূচীৰ সামগ্ৰীক পৰিচালনাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে বৰদোৱা সত্ৰীয় সংস্কৃতিক কেন্দ্ৰৰ সভাপতি জয়ন্ত মাধৱ বৰাই।