/asomiyapratidin/media/media_files/2025/02/11/H4Z4ZKWd2kPvDyLVErg3.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মধ্য অসমৰ আগশাৰীৰ মহাবিদ্যালয় জাগীৰোড মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ সফলতাৰে সামৰণি পৰিল ।
NAAC-ৰ দ্বাৰা A+ গ্ৰেড লাভ কৰা জাগীৰোড মহাবিদ্যালয়ত যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৪৭ সংখ্যক বাৰ্ষিক সপ্তাহ । এই সাত দিনত বিভিন্ন প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰী সকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।
বাৰ্ষিক সপ্তাহ উপলক্ষে জাগীৰোড চহৰৰ মাজেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় । মুকলি সভাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সকলে বঁটা গ্ৰহণ কৰাৰ মূহুৰ্তৰ বিনন্দীয়া দৃশ্য, অধ্যক্ষৰ আদৰণি ভাষণ, মুখ্য অতিথিৰ, সন্মানীয় অতিথিৰ ভাষণ, স্থানীয় লোকৰ লগতে বিভাগীয় তত্বাৱধায়কৰ বক্তব্য আৰু সৰ্ব শেষত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত নাচি বাগি আনন্দ কৰাৰ মূহুৰ্তৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে সপ্তাহটোৰ সামৰণি পৰে।
মঙলবাৰে অনুষ্ঠিত মুকলি সভাত 'মৰিয়াহোলা' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমৰ বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই মুখ্য অতিথি আৰু মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশিষ শৰ্মাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুকলি সভাতে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ পুণিৰাম পাতৰৰ দুখন গ্ৰন্থ ক্ৰমে 'ধৰ্মক্ষেত্র কুৰুক্ষেত্ৰ' উন্মোচন কৰে মুখ্য অতিথি জয়ন্ত মাধৱ বৰাই আৰু 'দেখি দেখি শুনি শুনি' ৰ উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মুকলি সভাৰ সভাপতি ড° ভবেন চন্দ্ৰ নেওগে।
ইয়াৰ উপৰিও মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী 'জেচিয়ান' উন্মোচন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তদুপৰি ২০২৩ আৰু ২০২৪ বৰ্ষৰ 'বাৰ্ষিক সংবাদপত্ৰ' দুখন উন্মোচন কৰে ক্ৰমে তিৱা ৰাজদৰবাৰৰ মুখ্য বিষয়া তথা ঐতিহাসিক জোনবিল মেলা সমিতিৰ সভাপতি জোৰচিং বৰদলৈ আৰু অসম সৌৰভ তিৱা নৃত্যগুৰু নাদিৰাম দেউৰীয়ে।
সভাত জাগীৰোডৰ বিশিষ্ট নাগৰিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সামৰণিৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সত্ৰীয়া গৱেষক তথা জাগীৰোড মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহযোগী অধ্যাপক ড° খগেন শৰ্মাই।
সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক-গায়িকাৰ গীত পৰিৱেশন, বিহুনৃত্য প্ৰদৰ্শণ আৰু পৰম্পৰাগত বাৰেৰহনীয়া নৃত্যৰ অনুষ্ঠানৰ অন্তত জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰতিম শইকীয়াই গীত পৰিৱেশন কৰে। দিনটোৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰীয় সংগীতেৰে সপ্তাহজুৰি অনুষ্ঠিত হোৱা উখল-মাখল পৰিবেশৰ অন্ত পৰে।