Advertisment

ৰেণেছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান

নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান ৰেণেছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
school week

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান ৰেণেছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উপাধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়াই। 

Advertisment

অনুষ্ঠানৰ শুভাৰম্ভ কৰি উপাধ্যক্ষগৰাকীয়ে এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তা কথা উল্লেখ কৰি কয়- ছাত্ৰ-ছাত্ৰীক পুথিগত শিক্ষাৰ লগতে সাংস্কৃতিক আৰু সামাজিকভাৱে পৰিপুষ্ট কৰি তুলিবৰ বাবে এনেধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন। এনে প্ৰয়োজন পূৰাবলৈ ৰেণেছাই চেষ্টা চলাই আহিছে ।  

তেওঁ লগতে অভিভাৱকসকলৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লচী গগৈয়ে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়  (স্বতন্ত্ৰ) ৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰ। 

ড০ মজিন্দাৰে নিজৰ বক্তব্যত ৰেণেছাৰ প্ৰসংশনীয় কাৰ্যসূচীসমূহৰ শলাগ লোৱাৰ লগতে ছাত্র ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত মধুৰ সম্পৰ্কৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। এই সম্পৰ্কে তেওঁ নতুন শিক্ষা নীতিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ।

বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই ৰেণেছা মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দক সম্বৰ্ধনা জনায় । বৰুৱাই বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দ্বিপান্দিতা গোস্বামীৰ লগত ইংৰাজীতে এক কথোপকথনত ভাগ লয় । এই অনুষ্ঠানতে বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয় ।

বঁটা প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অনুষ্ঠানৰ অতিথি ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্রীসকলে পৰিবেশন কৰা নৃত্য -গীতৰ অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰি ৰাখে ।

bebejiya school