/asomiyapratidin/media/media_files/2025/10/11/ap-web-2-3-2025-10-11-11-00-12.jpg)
ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বিতৰণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক তথা কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে পাটনাত এন ডি এৰ সহযোগী বিভিন্ন দলৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰিব।
বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়ছৱালে শুকুৰবাৰে সন্ধিয়া ৰাজ্যৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ কয় যে, সকলো আসন সন্দৰ্ভত সমষ্টিবাসী দলসমূহে একমতত উপনীত হৈছে। অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব। আসন আবণ্টনৰ পিছত পৰ্যায়ক্ৰমে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব।
ইতিমধ্যে দিল্লী অভিমুখে ৰাওনা হৈছে জয়ছোৱাল। চৰ্চা চলিছে যে তেওঁক আসন ভাগ-বতৰা কৰাৰ চূড়ান্ত তালিকা সন্দৰ্ভত আলোচনা কৰিবলৈ দিল্লীলৈ মাতি অনা হৈছে। জয়ছৱালে দাবী কৰিছে যে, অচিৰেই বহু বিদায়ী বিধায়ক আৰু গ্ৰেণ্ড এলায়েন্সৰ বিশিষ্ট নেতাই বিজেপিত যোগদান কৰিব।
উল্লেখ্য যে, বিজেপিয়ে আসন বুজাবুজি সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী জিতন ৰাম মাঝি নেতৃত্বাধীন হিন্দুস্তানী আম মর্চা, উপেন্দ্ৰ কুশ্বৱাহা নেতৃত্বাধীন ৰাষ্ট্ৰীয় লোক মৰ্চা আৰু ৰামবিলাস পাছোৱানৰ লোক জনশক্তি দলৰ সৈতে এন ডি এৰ সহযোগী দলসমূহৰ মাজত আসন বুজাবুজিৰ পাছত বিজেপি আৰু জে ডি ইউয়ে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া আসনসমূহৰ সংখ্যা চূড়ান্ত কৰিব।
ইপিনে, আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে যোৱা নিশা বিকাশশীল ইন্চান পার্টীৰ সভাপতি মুকেশ ছাহানিৰ সৈতে আলোচনাত মিলিত হয়। বিৰোধী জোঁটে বাও দল আৰু মুকেশ ছাহানিৰ দলক আসন দিয়াৰ ক্ষেত্ৰত এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই।
চি পি আই আৰু চি পি এমৰ সাধাৰণ সম্পাদকদ্বয়ে আসন ভাগ-বটোৱাৰা সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ পাটনাত বাহৰ পাতিছে। আজি জ্যেষ্ঠ কংগ্রেছ নেতা আৰু আৰ জে ডিৰ সভাপতি লালু প্রসাদ যাদৱৰ সমাগত বিহাৰ নিৰ্বাচন সন্দৰ্ভত আসনৰ ভাগ-বটোৱাৰা ব্যৱস্থাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।