ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ নাম ঘোষণা

বৃহস্পতিবাৰে বিজেপিৰ অসম প্রদেশৰ ৰাজ্যিক বিষববীয়াৰ নাম ঘোষণা কৰা হৈছে। উপ-সভাপতি পদত ১০জনৰ নাম ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে। এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে সভাপতি দিলীপ শইকীয়াই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-19 at 3.31.03 PM

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে বিজেপিৰ অসম প্রদেশৰ ৰাজ্যিক বিষববীয়াৰ নাম ঘোষণা কৰা হৈছে। উপ-সভাপতি পদত ১০জনৰ নাম ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে। এক বিবৃতিযোগে এই কথা ৰাজহুৱা কৰে সভাপতি দিলীপ শইকীয়াই।  

Advertisment

ঘোষণা কৰা অনুসৰি উপ সভাপতি কেইজন হৈছে- পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰায়, জুৰি শৰ্মা বৰদলৈ, মনোজ বৰুৱা, ৰত্না সিং। একেদৰে সাধাৰণ সম্পাদক পদত ৪গৰাকীক বাচনি কৰা হৈছে। তেওঁলোক হৈছে- দীপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ৰিতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মন।

আনাহাতে সম্পাদক পদত নিৰ্বাচিত কৰা হৈছে ১০জনক। তেওঁলোক হৈছে- লক্ষ্য কোঁৱৰ, লক্ষী নাথ তাছা, বিস্মিতা গগৈ, মনালিছা কোচ, অভিজিৎ‍ কুমাৰ নাথ, ৰাতুল শৰ্মা, মহেশ দেউৰী, সিধাংকু অংকুৰ বৰুৱা, নৱাৰুণ বুঢ়াগোহাঁই, বিতোপন দলে। একেদৰে ৰাজকুমাৰ শৰ্মা কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। 

তাৰোপৰি যুটীয়া কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত নাৰায়ণ ডেকা। সুশান্ত বিশ্বাসক গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে। ছ’চিয়েল মিডিয়াৰ ভাৰপ্রাপ্ত দায়িত্ব দিয়া হৈছে বিশ্বজিৎ‍ খাউণ্ডক।  আই টিৰ ভাৰপ্রাপ্ত দায়িত্ব ডাঃ মৃগাংক তালুকদাৰক প্ৰদান কৰা হৈছে। 

ইফালে মুখ্য মুখপাত্রৰ দায়িত্ব দিয়া হৈছে কিশোৰ উপাধ্যায়ক। ৰূপম গোস্বামীক দিয়া হৈছে মিডিয়া কনভেনৰৰ দায়িত্ব। কাৰ্যালয়ৰ ভাৰপ্রাপ্ত দায়িত্ব প্ৰদান কৰিছে অনিৰ্বাণ গোস্বামীক।

বিজেপি অসম বিজেপি