হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা। অতি শান্তিপূৰ্ণভাৱে সম্পূন্ন হয় হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ লগতে ফলাফল ঘোষণা।

author-image
Asomiya Pratidin
New Update
71

ডিজিটেল সংবাদ, হাটশিঙিমাৰী : হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা। অতি শান্তিপূৰ্ণভাৱে সম্পূন্ন হয় হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ ভোটগ্ৰহনৰ লগতে ফলাফল ঘোষণা। মঙলবাৰৰ পুৱা ৮-০০ বজাৰ পৰা দুপুৰীয়া ১-০০ বজালৈকে চলিছিল ভোটগ্ৰহন পৰ্ব ।

দুপুৰীয়া ২ বজাৰ পৰা আৰাম্ভ হয় ভোট গণনাৰ প্ৰক্ৰিয়া। সন্ধিয়া ৬-৩০ বজাত ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হোৱাত আনুষ্ঠানিকভাৱে জয়ী হোৱা প্ৰাৰ্থীসকলৰ নাম ঘোষণ কৰে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° স্বাহেৰ আলীয়ে।

জয়ী হোৱা প্ৰাৰ্থীসকল ক্ৰমে- 

  • সভাপতি পদত আল মামুন মণ্ডল 
  • সাধাৰণ সম্পাদক পদত মমিন  মুস্তাকিন
  • সহকাৰী সাধাৰণ সম্পাদক পদত ছামচূল আলম
  • আলোচনী সম্পাদক মিজানুৰ ৰহমান
  • বহিঃ খেল সম্পাদক মুশাৰফ হুছেইন 
  • আন্তঃ খেল সম্পাদক শ্বৰিফুল ইছলাম 
  • সমাজসেৱা সম্পাদক পদত মোহাম্মদ ছোৱেল বাবু 
  • তৰ্ক আৰু সাংস্কৃতিক সম্পাদক পদত মোহাম্মদ মিনু মিঞা 
  • সংগীত আৰু নাট পদত শাজিব আনছাৰী
  • ছাত্ৰ জিৰণি কোঠা পদত ৰাহুল বাবু
  • ছাত্ৰী জিৰণি কোঠা পদত ছেলিমা খাতুন।

উল্লেখ্য যে অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অনুষ্ঠিত হৈছিল আজিৰ ছাত্ৰ একতা ।

হাটশিঙিমাৰী