/asomiyapratidin/media/media_files/2025/06/22/215-2025-06-22-18-16-27.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন' চমুকৈ আপকুৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে তিনিটা বঁটা প্ৰদানৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া এই বঁটা তিনিটা হৈছে ক্ৰমে (১)প্ৰয়াত লক্ষীপ্ৰসাদ মেচ সোঁৱৰণী 'আপকু' কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা - ২০২৫ (জ্যেষ্ঠ)।
দ্বিতীয়তে প্ৰয়াত কাজিৰ ৰংপিপী সোঁৱৰণী 'আপকু' কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা - ২০২৫ (উদীয়মান) আৰু আনটো হৈছে- প্ৰয়াত লাংকুং ৰংহাং আৰু থাংপি টেৰাংপি সোঁৱৰণী 'আপকু' কাৰ্বি আংলং জিলাৰ শ্ৰেষ্ঠ সংবাদ - সাহিত্য বঁটা - ২০২৫ । এই তিনিটা বঁটা আগবঢ়াইছে পাৰখোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামণি বড়ো মেছ, ভাৰত চৰকাৰৰ উত্তৰ পূব পৰিষদৰ শ্বিলংস্থিত ডণাৰ মন্ত্ৰণালয়ৰ সদস্য তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লংকি ফাংচ' আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক তথা সমাজকৰ্মী দৰছিং ৰংহাঙে ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি 'সাংবাদিক আৰু সাংবাদিকৰ সততা, নিষ্ঠা আৰু সামাজিক দায়বদ্ধতা' শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এখন স্মৰণিকা প্ৰকাশৰ বাবেও হাতত লোৱা হৈছে । আনহাতে অহা ৩ আগষ্টত ডিফু ক্লাবত প্ৰদান কৰিবলগীয়া বঁটা প্ৰদানৰ বাবে ইতিমধ্যে জুৰি ব’ৰ্ড গঠন কৰা হৈছে ।
এই জুৰি ব’ৰ্ডৰ সদস্যসকল হৈছে ক্ৰমে- বকলীয়াঘাটৰ বিশিষ্ট সাহিত্যিক লেখক ভবেন কোচ, ডিফুৰ বিশিষ্ট সাহিত্যিক লেখক ভৱপ্ৰসাদ দেউৰী আৰু ৰজাপথাৰৰ বিশিষ্ট লেখক কবি শৰৎ পাটৰ ।