/asomiyapratidin/media/media_files/2025/06/18/sahitya-87b3506a.jpg)
ডিজিটেল ডেস্ক : সাহিত্য একাডেমীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে সাহিত্য একাডেমী যুৱ আৰু শিশু সাহিত্যৰ বঁটাসমূহ ঘোষণা কৰিছে। সেই অনুসৰি অসমীয়া ভাষাত ২০২৫ বৰ্ষৰ শিশু সাহিত্য বঁটা লাভ কৰিছে সুৰেন্দ্ৰ মোহন দাসে। দাসক তেওঁৰ গ্ৰন্থ 'মইনাহঁতৰ পদ্য'ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।
আনহাতে সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে সুপ্ৰকাশ ভূঞালৈ। তেওঁৰ ‘কুঁচিয়ানামা’ গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। বড়ো ভাষাত ‘আং অসুৰ’ কাব্য গ্ৰন্থৰ বাবে অমৰ খুংগুৰ বড়োলৈ আগবঢ়োৱা হৈছে সাহিত্য একাডেমীৰ যুৱ বঁটা।
তাৰোপৰি ‘খান্থি বাউছন আৰ আখো ডানাই’ গ্ৰন্থৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য বঁটা। উল্লেখ্য যে, ২০২৫ বৰ্ষত সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ মুঠ ২৩ ভাষাত ২৩ গৰাকী যুৱ লেখকলৈ আগবঢ়োৱা হৈছে।
এইবাৰ অসমীয়া ভাষাৰ যুৱ পুৰস্কাৰ এই বঁটাৰ বাবে নিৰ্ণায়ক মণ্ডলিত আছিল অংকুৰ ডেকা, ড০ দীপ্তি পাটগিৰি আৰু সঞ্জীৱ কুমাৰ ফুকন। বড়ো ভাষাত নিৰ্ণায়ক মণ্ডলিত আছিল ধনশ্ৰী স্বৰ্গীয়াৰী, ৰশ্মী চৌধুৰী আৰু ডাঃ তুলান মুছাহাৰী।
একেদৰে সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাত নিৰ্ণায়ক মণ্ডলিত আছিল ড০ জ্যোতিৰেখা হাজৰিকা, ৰথিন্দ্ৰনাথ গোস্বামী আৰু শান্তনু তামুলী। বড়ো ভাষাত নিৰ্ণায়ক মণ্ডলিত আছিল এৰন ৰাজা বসুমতাৰী, এম সুংগুৰ বড়ো আৰু তমসিং ব্ৰহ্ম।
উল্লেখ কৰা প্ৰয়োজন যে, অসমীয়া ভাষাৰ উপৰি দেশৰ আন আন আঞ্চলিক ভাষাতো কেইবাগৰাকী লেখকে সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা পাবলৈ সক্ষম হৈছে। সেই অনুসৰি সাহিত্য অকাডেমীৰ শিশু সাহিত্য শিতানত বঙালী ভাষাত বঁটা পাবলৈ সক্ষম হৈছে- ত্ৰিদিব কুমাৰ চট্টপধ্যায়ে। তেওঁ এখনো গয়ে আৰো দায়ে গ্ৰন্থৰ বাবে গল্প শাখাত এই সন্মান লাভ কৰিছে।
একেদৰে দগ্ৰী ভাষাত নানহী তোৰ কাব্য সংকলনৰ বাবে পি এল পৰিহৰে এই সন্মন লাভ কৰে। ইংৰাজী ভাষাত দক্ষিণ- চাউথ ইণ্ডিয়ান মাইথ’ ফেবলছ ৰিট’ল্ড গল্পৰ বাবে নিতীন কুশলাপ্পাই এই সন্মান লাভ কৰে।
একেদৰে গুজৰাটী ভাষাত কৃতিদা ব্ৰাহ্মিভট্ট, হিন্দীত সুশীল শুক্লা, কানাড়াত কে চিলিভিংগাপ্পা, কাশ্মীৰীত ইজহাৰ মুবাছিৰ, কনকানিত নয়না আদাকৰ, মালায়লমত শ্ৰীজিথ মুথেদাথ, মণিপুৰীত শান্তো এম, মাৰাঠীত সুৰেশ চাৱন্ত, নেপালীত চাংমু লেপচা, উৰিয়াত ৰাজ কিশোৰ পাৰহি, পাঞ্জাৱীত পালি খাদিম, ৰাজস্থানীত ভোগীলাল পাটিদৰে শিশু সাহিত্যৰ শিতানত সাহিত্য অকাডেমীৰ সন্মান লাভ কৰে।
ইফালে সংস্কৃত ভাষাত বালবিশভম কাব্য সংকলনৰ বাবে প্ৰীতি পূজাৰাই এই সন্মান পাবলৈ সক্ষম হয়। তাৰোপৰি চাওতালিত হাৰলাল মুৰ্মু, সিন্ধিত হীনা অগ্নি, তামিলত বিষ্ণুপুৰম সৰ্বানন, তেলেগুত গংগিচিতি শিৱকুমাৰ আৰু উৰ্দুত ঘজানফাৰ ইকবালে এই সন্মান পাবলৈ সক্ষম হয়।