”সুৰাৰ দৰে আপোনাক ক্ষমতাৰ নিচাই মূৰত ধৰিছে” কেজৰিবাললৈ পত্ৰ আন্না হাজাৰেৰ…

”সুৰাৰ দৰে আপোনাক ক্ষমতাৰ নিচাই মূৰত ধৰিছে” কেজৰিবাললৈ পত্ৰ আন্না হাজাৰেৰ…

author-image
asomiyapratidin
New Update
”সুৰাৰ দৰে আপোনাক ক্ষমতাৰ নিচাই মূৰত ধৰিছে” কেজৰিবাললৈ পত্ৰ আন্না হাজাৰেৰ…

ডিজিটেল ডেস্ক: দিল্লীৰ আবকাৰী নীতিক লৈ আপৰ বিৰুদ্ধে বিভিন্ন জনে মাত মাতি আহিছে। বিজেপিয়েও অহৰহ আম আদমী পাৰ্টীক এই বিষয়টো লৈ আক্ৰমণ কৰি আহিছে। ইয়াৰ মাজতে সমাজকৰ্মী আন্না হাজাৰে দিল্লীৰ আবকাৰী নীতিক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবাললৈ এক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰত আন্না হাজাৰে কেজৰিবালক দিল্লীত সুৰাৰ দোকান বন্ধ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে অৰবিন্দ কেজৰিৱালে 'স্বৰাজ' নামৰ কিতাপ খনত ডাঙৰ ডাঙৰ কথা কৈছিল, কিন্তু তেওঁৰ আচৰণত ইয়াৰ প্ৰভাৱ দেখা নাযায়।

Advertisment

তেওঁ কয় যে- "স্বৰাজ' নামৰ এই কিতাপখনত আপুনি বহুকেইটা আদৰ্শৰ কথা লিখিছিল। গতিকে তেতিয়াৰ পৰা, আপোনাৰ পৰা বহু আশা আছিল। কিন্তু এনে লাগিছে যে ৰাজনীতিলৈ যোৱাৰ পাছত আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপুনি আদৰ্শ পাহৰি যোৱা যেন লাগিছে।যেনেকৈ সুৰাৰ নিচা আছে, ঠিক তেনেদৰে ক্ষমতাৰো নিচা আছে। এসনে লাগিছে যে আপুনিও এনে শক্তিৰে নিচাগ্ৰস্ত হৈ আছে। যাৰ বাবে আপুনি সুৰা নীতি আনিছে আৰু সুৰা বিক্ৰেতা তথা সুৰা পান কৰা সকলক উদগনি দিছে।

এই পত্ৰখনত লগতে কয় যে ৰাস্তাত সুৰাৰ দোকান খুলিব পাৰি। ইয়াৰ ফলত দুৰ্নীতি হ'ব পাৰে। এয়া জনসাধাৰণৰ হিতৰ বাবে নহয়। এয়া বৰ দুখজনক।

উল্লেখ্য যে, দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰখনে অনা নতুন আবকাৰী নীতিৰ বিষয়ে বিভিন্ন অভিযোগ উতাথপন হৈছে। বিজেপিয়ে অভিযোগ কৰে যে এই নীতিৰ জৰিয়তে দলটোৰ ঘনিষ্ঠ লোকসকল লাভান্বিত হৈছে। ইয়াৰ লগতে, বিজেপিয়ে দাবী কৰিছে যে এই নীতিৰ জৰিয়তে এটা ডাঙৰ কেলেংকাৰী কৰা হৈছে। চিবিআইয়ে বৰ্তমান গোচৰটোৰ তদন্ত কৰি আছে।

আৰু পঢ়ক: বিদ্যালয় একত্রিতকৰণৰ নামত শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ নেখেলিব: প্ৰতিবাদত নামিল শিক্ষাৰ্থী

delhi arvind kejriwal anna hazare aap