কেজৰিৱালক “ক্ষমতাৰ নিচাত ৰাগিয়াল” আখ্যা দিলে আন্না হাজাৰেই…

কেজৰিৱালক “ক্ষমতাৰ নিচাত ৰাগিয়াল” আখ্যা দিলে আন্না হাজাৰেই…

ডিজিটেল ডেস্ক : ২০১১ চনৰ লোকপাল আইনৰ মূল বিৰোধী তথা অৰৱিন্দ কেজৰিৱালৰ একালৰ গুৰু আন্না হাজাৰেই "মাদক দ্ৰৱ্যৰ দৰেই, ক্ষমতাৰ নিচাত ৰাগিয়াল হৈ উঠিছে কেজৰিৱাল" বুলি কেজৰিৱাললৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰে । জুলাই মাহত এক কেলেংকাৰী সন্দৰ্ভত বাতিল হোৱা সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ নীতি সন্দৰ্ভত এই বুলি লিখিব লগীয়া হয় আন্না হাজাৰেই ।
ইয়াৰ ওপৰিও, কেজৰিৱাল মুখ্য মন্ত্ৰী হোৱাৰ পাছত প্ৰথম বাৰৰ বাবে পত্ৰ প্ৰেৰণ কৰিব লগীয়া হোৱা বুলিওজনাই বৰ্ষীয়ান নেতাগৰাকীয়ে ।

উল্লেখ্য যে, কেজৰিৱাল, মনীষ চিচোদিয়া আৰু আন কেইজনমান সংগীয়ে গঠন কৰা আম আদমি পাৰ্টীৰ সৈতে বৰ্তমান আন দল সমূহৰ একো পাৰ্থক্য নাই বুলি ভাষ্য প্ৰদান কৰে হাজাৰেই । যাৰ বাবেই চৰকাৰক এনে হেচা প্ৰদান কৰিব লগীয়া হৈছে নেতা গৰাকীয়ে ।

২০১১ চনৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ মূল নেতা আছিল আন্ন হাজাৰে । এই আন্দোলনৰ ফলতেই সৃষ্টি হৈছিল আম আদমি পাৰ্টীৰ । কিন্তু প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আতৰি থাকিবলৈ দলত যোগদান কৰাৰ পৰিৱৰ্তে কেৱল আশীৰ্বাদ হে জনাই কেজৰিৱালক । কিন্তু সময়ে সময়ে দলটিয়ে লোৱা ভুল সিদ্ধান্তবোৰক সমালোচনা কৰি আহিছে নেতা গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in