বিজেপি নেতাৰ পুত্ৰৰ ৰিজৰ্টত চলিল বুলডোজাৰ...

উত্তৰাখণ্ডৰ ঋষিকেশৰ এখন ৰিজৰ্টত উত্তৰাখণ্ড আৰক্ষীয়ে চলালে বুলডোজাৰ

author-image
Asomiya Pratidin
New Update
বিজেপি নেতাৰ পুত্ৰৰ ৰিজৰ্টত চলিল বুলডোজাৰ...

ankita bhandaris murder case

ডিজিটেল ডেস্ক : বিজেপি নেতাৰ পুত্ৰৰ ৰিজৰ্টত চলিল বুলডোজাৰ। উত্তৰাখণ্ডৰ ঋষিকেশৰ এখন ৰিজৰ্টত উত্তৰাখণ্ড আৰক্ষীয়ে চলালে বুলডোজাৰ। উল্লেখ্য যে এই ৰিজৰ্টখনত কৰ্মৰত এগৰাকী যুৱতী এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল আৰু ৰিজৰ্টখনৰ চৌহদতেই উদ্ধাৰ হৈছিল অংকিতা ভাণ্ডাৰী নামৰ যুৱতীগৰাকীৰ মৃতদেহ।

Advertisment

ৰিজৰ্টখন আছিল উত্তৰাখণ্ডৰ বিজেপিৰ এজন জ্যেষ্ঠ নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিত আৰ্যৰ। আৰক্ষীয়ে অনুসন্ধানত ৰিচিপছনিষ্ট ৰূপে কাম কৰা যুৱতীগৰাকীক ৰিজৰ্টখনৰ মালিক পুলকিত আৰু তেওঁৰ সহযোগীয়ে হত্যা কৰাৰ সন্দেহ কৰিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ঘামীয়ে এই ঘটনাৰ সৈতে জড়িত অপৰাধীক কঠোৰ শাস্তি বিহিবলৈ ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়াৰ পাছতেই আৰক্ষীয়ে বুলডোজাৰ লগাই ৰিজৰ্টখন ভাঙি পেলায়।

আৰক্ষীয়ে সদৰী কৰা মতে অবৈধভাৱে এই ৰিজৰ্টখন নিৰ্মাণ কৰা হৈছিল আৰু তাত বহু অনৈতিক কাম-কাজ সংঘটিত হোৱাৰ অভিযোগ আছিল। শনিবাৰে পুৱাই আৰক্ষীৰ এটা বৃহৎ দলে ৰিজৰ্টখন ভাঙি পেলায়।

uttarakhand uttarakhand bjp uttarakhand police