পত্নী হত্যাকাৰীৰ বিফল নাটকঃ জখলবন্ধা আৰক্ষীয়ে উদঘাটন কৰিলে ৰহস্য...

দুৰ্ঘটনাবশত নিজ পত্নীক হত্যা কৰি স্বামীয়ে ৰচনা কৰিছিল নাটক...

author-image
Asomiya Pratidin
New Update
সদৌ অসম কবি সন্মিলনৰ ২০১৯-২০২২ বৰ্ষৰ  সন্মান প্ৰাপক সকলৰ নাম ঘোষণা

koliabor

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ বাগৰিত সংঘটিত হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। যোৱা সোমবাৰে কলিয়াবৰৰ বাগৰিত এগৰাকী মহিলাক খুকুৰীৰে ঘপিয়াই নৃশংস হত্যা কৰা ঘটনা পোহৰলৈ আহিছিল।

Advertisment

মুখত ক'লা কাপোৰ মাৰি পাঁচ দুৰ্বৃত্তই কাৰ্বি পাহাৰৰ নামনি বাগৰিত অঞ্জনা জেনা নামৰ মহিলাগৰাকীক খুকুৰীৰে ডিঙি কাটি হত্যা কৰি পলায়ন কৰাৰ খবৰে সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্য । কিন্তু, জখলাবন্ধা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত ৰহস্য।

আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি বনৰীয়া জীৱজন্তুৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ চৌহদৰ চাৰিওফালে বৈদ্যুতিক তাঁৰ সংযোগ কৰিছিল অঞ্জনাৰ স্বামী মণ্টু কুৰুৱাই। বিগত সোমবাৰৰ দিনা কাহিলী পুৱা নিজৰাৰ পৰা পানী আনিবলৈ গৈ স্বামীয়ে ঘৰৰ চৌপাশে সংস্থাপন কৰা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ঠ হয় অঞ্জনা জেনা।

তৎক্ষণাৎ পত্নী অঞ্জনাক উদ্ধাৰ কৰিবলৈ গৈ বৈদ্যুতিক তাঁৰত দাঁৰে ঘাপ মাৰিছিল মণ্টু কুৰুৱাই। সেই দাঁৰ ঘাপ পৰিল পত্নী অঞ্জনাৰ ডিঙিত। যাৰ ফলত মৃত্যু হয় অঞ্জনাৰ।

পাছত এই ঘটনাক গাপ দিবলৈ গৈ পৰিয়ালটোৱে ৰচনা কৰিছিল এক নতুন নাটক। পাঁচ দূৰ্বৃত্তই অঞ্জনা জেনাক হত্যা কৰাৰ এক মিছা কাহিনী ৰচিছিল স্বামী মণ্টু কুৰুৱাসহ পৰিয়ালটোৱে।

অৱশেষত আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিল ঘটনাৰ প্ৰকৃত ৰহস্য। আজি জখলাবন্ধা আৰক্ষীয়ে হত্যাকাৰী মণ্টু কুৰুৱাক আটক কৰি সোধপোছ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

assam Assam police koliabor