/asomiyapratidin/media/media_files/2025/04/07/GSKxlcORiwvB4U1pHahR.jpg)
ডিজিটেল ডেস্কঃ নাজিৰাৰ সৰবৰহী মহিলা তথা বিশিষ্টা সমাজ সেৱিকা অঞ্জলী গগৈৰ সোমবাৰৰ পুৱতি নিশা দেহাৱসান ঘটে। অসুস্থতাৰ হেতু যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। হৃদৰোগকে ধৰি আন অসুস্থতাৰ হেতু চিকিৎসাধীন হৈ থকা গগৈয়ে পুৱতি নিশা ২.২৫বজাত শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখযোগ্য যে, তেওঁৰ পুত্ৰ বি বি চি এছিয়া পেছিফিক এডিটৰিয়েল দায়িত্বত থকা শচীন গগৈকে ধৰি আন এগৰাকী কন্যাক ইহঃসংসাৰত এৰি থৈ গৈছে। বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত অঞ্জলী গগৈয়ে আধাতে স্কুলীয়া এৰা বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ সৈতে জড়িত হৈ আছিল।
তেওঁৰ মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাইও অঞ্জলী গগৈৰ মৃত্যুত শোক ব্যক্ত কৰে। অঞ্জলী গগৈ আছিল সম্বন্ধত মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মাজু খুৰী। নাজিৰাৰ মেজেঙাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।