এম বি বি এছ ডিগ্ৰীধাৰী হ’ল কোকৰাঝাৰ চাহ বাগানৰ কন্যা অঞ্জলী এক্কা

মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ টিপন এক্কা পেছাত কোকৰাঝাৰ চাহ বাগানৰ শ্ৰমিক আৰু মাতৃ নীনা এক্কা এগৰাকী আশাকৰ্মী। অঞ্জলীৰ এই সাফল্যত সমগ্ৰ কোকৰাঝাৰতে আনন্দৰ বন্যা বৈছে । 

author-image
Asomiya Pratidin
New Update
অঞ্জলী এক্কা

অঞ্জলী এক্কা

ডিজিটেল সংবাদ, কোকৰাঝাৰ : সদ্য ঘোষিত এম বি বি এছ পৰীক্ষাৰ ফলাফলত চাহ বাগানৰ কন্যা অঞ্জলী এক্কাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছে ৷ উল্লেখযোগ্য যে, অসমৰ উৰাও(আদিবাসী) জনগোষ্ঠীৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰা অঞ্জলী এক্কা প্ৰথম বুলি বিবেচিত হৈছে। 

Advertisment

মেধাৱী ছাত্ৰীগৰাকীৰ পিতৃ টিপন এক্কা পেছাত কোকৰাঝাৰ চাহ বাগানৰ শ্ৰমিক আৰু মাতৃ নীনা এক্কা এগৰাকী আশাকৰ্মী। অঞ্জলীৰ এই সাফল্যত সমগ্ৰ কোকৰাঝাৰতে আনন্দৰ বন্যা বৈছে । 

প্ৰণিধানযোগ্য যে, অঞ্জলী এক্কাই মাগুৰমাৰী মিচন স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত অধ্যায়ন কৰিছিল ।

এম বি বি এছ kokrajhar