Advertisment

অঞ্জলী দত্ত স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন...

অঞ্জলী দত্ত স্মাৰক বক্তৃতানুষ্ঠানৰ জৰিয়তে জিলাৰ ১৯ গৰাকীকৈ মেধাবী শিক্ষাৰ্থীক দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনে ৭০০০ টকা, এখন মানপত্ৰ, গ্ৰন্থসহ মেধা জলপানি প্ৰদান কৰে। শিৱসাগৰ প্ৰেছ ক্লাব আৰু অঞ্জন দও ফাউণ্ডেচনক ভূয়সী প্ৰশংসা কৰে স্মিতাক্ষী বৰুৱা গোস্বামীয়ে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিৱসাগৰঃ  শিৱসাগৰ যুৱদলত আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ সহযোগত অঞ্জলি দত্ত সোঁৱৰণী বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায় ৷ ‘অসমীয়া ভাষা সাহিত্যৰ প্ৰাচীনত্ব বিচাৰ আৰু ধ্ৰুপদী মৰ্যাদাঃ চিন্তা-দুশ্চিন্তা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি যোৰহাট জগন্নাথ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ জ্যোতিৰেখা হাজৰিকাই অসমীয়া ভাষাৰ জন্ম বৃত্তান্ত আৰু ইয়াৰ প্ৰাচীন ইতিহাসৰ বিষয়ে সাৱলীল বক্তৃতা প্ৰদান কৰে। 

Advertisment

তেওঁ কয় যে সংস্কৃত ভাষাই বহু পলমকৈহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে ৷  অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পৰ্কে মন্তব্য কৰি ড॰ হাজৰিকাই ভাষাটো শুদ্ধকৈ উচ্ছাৰণ আৰু সঠিক ৰূপত লিখিব লাগে বুলি বক্তব্য আগবঢ়ায়৷

1

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ‘সাদিন প্ৰতিদিন’ গোষ্ঠীৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বৰুৱা গোস্বামীয়ে ঐতিহাসিক শিৱসাগৰৰ শিপাৰ লগত একাত্ম হৈ থকাৰ কথা দোহাৰি কয়, ইয়াতেই আমাৰ ককাদেউতা হেমচন্দ্ৰ বৰুৱাই “ হেমকোষ” অভিধান ৰচনা কৰি অসমীয়াক ভাষা হিচাপে প্ৰতিষ্ঠা কৰিলে ৷ ভাষা হিচাপে প্ৰতিষ্ঠা লাভৰ বাবে প্ৰয়োজনীয় অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰিলে ৷ তেওঁ শিৱসাগৰ প্ৰেছ ক্লাব আৰু দ্য অঞ্জন দও ফাউণ্ডেচনৰ কাম-কাজক প্ৰশংসা কৰে ৷ বিশেষকৈ অংকিতা দত্ত আৰু তেওঁৰ পৰিয়ালে প্ৰায়ত অঞ্জন দত্তৰ লগতে প্ৰয়াত অঞ্জলী দত্তৰ স্মৃতিত কৰি থকা কামকাজক উচ্চ প্ৰশংসা কৰে ৷

1

শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰  সব্যসাচী মহন্তই আদৰণি ভাষণত অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাত উৎসাহিত হোৱাৰ সমানেই কিছু পৰিমাণে উদ্বিগ্ন বুলিও মন্তব্য কৰি ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ বিষয়েও মন্তব্য কৰে ৷ ভাষাটোৰ প্ৰতি আমাৰ থাকিবলগীয়া দায়বদ্ধতা তথা উত্তৰণৰ হকে কৰণীয় কাৰ্যৰ বিষয়ে চিন্তা-চৰ্চাৰ কৰাৰ সময়ো আহি পৰিছে বুলি মন্তব্য কৰে ৷

 অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱ আৰু অসমীয়া গ্ৰন্থৰ প্ৰচাৰ-প্ৰসাৰ হ্ৰাস পোৱাটো চিন্তাৰ অন্যতম কাৰণ বুলি ড॰ মহন্তই উল্লেখ কৰে৷ তেওঁ কয় শিৱসাগৰ প্ৰেছ ক্লাব মাথো সাবাদিকৰ প্ৰতি দায়বদ্ধ অনুষ্ঠান হৈ থকা নাই , সমাজৰ সকলো স্তৰৰ লোকৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হোৱা বুলি মন্তব্য কৰে ৷

প্ৰয়াত অঞ্জন দত্ত আৰু প্ৰয়াত অঞ্জলী দত্তৰ প্ৰতিছব্বিৰ সন্মুখত বন্তি প্ৰজ্বলেনেৰে বক্তৃতানুষ্ঠানটো শুভ উদ্বোধন কৰি অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে প্ৰয়াত মন্ত্ৰীগৰাকীৰক সোঁৱৰণ কৰি ৰাজনীতিৰ সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰা বিষয়ে মন্তব্য কৰে৷

অধ্যাপ্ৰিয়া দত্তৰ সত্ৰীয়া নৃত্যৰে শুভাৰম্ভণি কৰা বক্তৃতানুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰয়াত অঞ্জন দত্তৰ সহধৰ্মিনী অনন্যা দত্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সৌমাৰজ্যোতি মহন্ত, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মাখন কলিতা, সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰিচালক সঞ্চালিকা স্মিতাক্ষী বৰুৱা গোস্বামীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

1

অনুষ্ঠানত ড॰ অংকিতা দত্তই দ্য অঞ্জন দত্ত ফাউণ্ডেচনৰ সামাজিক দায়বদ্ধতাৰ বিষয়ৰ লগতে শৈক্ষিক ক্ষেত্ৰত আগবঢোৱা বিভিন্ন দিশৰ কথা উনুকিয়াই৷ এই অনুষ্ঠানতে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱসাগৰ জিলাৰ ১৯ গৰাকীকৈ মেধাবী ছাত্ৰ-ছাত্ৰীক দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নগদ ৭০০০ টকা, এখন মানপত্ৰ, গ্ৰন্থসহ মেধা জলপানি প্ৰদান কৰা হয়৷ 

অনুষ্ঠানত শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ড॰ নিৰূপমা মহন্ত, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, বিশিষ্ট অধিবক্তা হাৰুণ উল ৰছিদ, ভাৰতী শইকীয়া দাস, শিৱসাগৰ প্ৰেছ ক্লাবৰ উপ-সভাপতি অতনু বৰা, ড॰ উৎপল দত্ত, ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগকে ধৰি ক্লাবৰ বিষয়ববীয়া, জিলাখনৰ বহুকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

অঞ্জলী দত্ত