/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d2bc6cb4-e69c-4a40-adef-96f913526be9/shivsagar_20.jpg)
shivsagar
ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ যুৱদলত আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ অঞ্জলী দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান আৰু 'দ্যা অঞ্জন দত্ত ফাউণ্ডেচন'ৰ জলপানি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যেতি বৰা আৰু ড° অংকিতা দত্তই প্ৰয়াত অঞ্জলী দত্ত আৰু অঞ্জন দত্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাপৰ্ণ কৰাৰ পিছতে অনুষ্ঠানটোৰ উদ্বোধন কৰে জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ba34a893-5d27-4748-9614-3a1808bd5e7d/94c4a7df_976a_4772_a34c_f48fd7bb2f9a.jpg)
শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই আদৰণি ভাষণ প্ৰদান কৰি শিৱসাগৰ প্ৰেছ ক্লাৱে কেৱল সাংবাদিকসকলৰ স্বাৰ্থতে কাম নকৰি অন্যান্য সামাজিক সাংস্কৃতিক দিশতো কাম কৰি ৰাজ্যৰ ভিতৰতে এটা সামাজিক অনুষ্ঠানলৈ পৰ্যবসিত হোৱা বুলি মন্তব্য কৰে । তাৰ পিছতেই অনুষ্ঠিত অঞ্জলী দত্ত স্মাৰক বক্তৃতানুষ্ঠানত "সাম্প্ৰতিক অসমৰ সামাজিক পেক্ষাপটত জনগোষ্ঠীয় ইতিহাস অধ্যয়নৰ গুৰুত্ব" শীৰ্ষক বক্তৃতা প্ৰদান কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বুৰঞ্জীবিদ ড০ নিৰোদ বৰুৱাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/247bf7a6-60eb-4c16-88be-f23643567144/b39a94d9_39c0_4a0b_a23d_af6988f89ff5.jpg)
তেওঁ কয় যে, ভাৰতৰ ইতিহাস অধ্যয়ন ব্যৱস্থাত কেৱল উত্তৰ প্ৰদশ, বিহাৰ, কণৌজ, মধ্য প্ৰদেশৰ কথাহে বিশেষ ভাৱে পোৱা যায় ৷ আনহাতে অসম বুৰঞ্জী সাধাৰণতে এটা নিৰ্দিষ্ট ধাৰাৰ মাজেৰে উলম্বভাৱে গৈ আছে । সমান্তৰালকৈ যোৱা নাই । ইয়াৰ উপৰিও তেওঁ প্ৰাচীন অসমৰ বুৰঞ্জীসমূহত জনগোষ্ঠীসমূহৰ বিশদ বিৱৰণ পোৱা নাযায় বুলি সদৰি কৰে।
ইয়াৰ উপৰিও তেওঁ কয়- অসমীয়া জাতি গঠন প্ৰক্ৰিয়া বিভিন্ন জনগোষ্ঠী সমূহকলৈয়ে আৰম্ভ হৈছিল । কিন্তু জনগোষ্ঠীসমূহৰ বিভিন্ন দিশ বা সামগ্ৰীক দিশ সামৰি এতিয়াও বুৰঞ্জী লিখা হোৱা নাই। অলিখিত অৱস্থাত আছে। অসমৰ জাতি জনগোষ্ঠীসমূহৰ বিষয়ে বহু গ্ৰন্থ তথা লেখা মেলা কৰা হৈছে যদিও historical methodology হিচাপত লিখা হোৱা নাই।
অসমৰ এখন পূৰ্ণাঙ্গ ইতিহাস এতিয়াও প্ৰকাশ হৈ ওলোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয়- অসমৰ মূল ইতিহাসৰ সৈতে প্ৰান্তীয় ইতিহাস অন্তৰ্ভুক্ত কৰিব লাগিব। জনগোষ্ঠীয় ইতিহাস ভালদৰে অধ্যয়ন কৰিবই লাগিব। তেতিয়াহে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সহায় হ'ব। প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা নিজা ইতিহাস অধ্যয়ন কৰাটো, লিখাটো জৰুৰী। সম্প্ৰতি বিভিন্ন জনগোষ্ঠী সমূহৰ মাজত আত্ম প্ৰতিষ্ঠা, আত্মচেতনা দেখা গৈছে । এয়া শুভ লক্ষণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/54bb8778-d538-4a96-a243-71985620c377/88a265ac_5e22_442d_bbee_83194505e771.jpg)
ইপিনে প্ৰান্তীয় ইতিহাস ৰচনা ভাৰতত হোৱাই নাই বুলি উল্লেখ কৰে ড° বৰুৱাই। শিৱসাগৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত "দ্যা অঞ্জন দত্ত ফাউণ্ডেশ্যন" ৰ তৰফৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক জলপানী প্ৰদান কৰে।
প্লাৱন জ্যোতি নাথ, চিমঠিয়া গগৈ, মৃন্ময় গগৈ, বিথীকা গগৈ, বাস্তৱ বৰবৰা, জনাৰ্দন গগৈ, সংগীতা নাথ, গৌতম সতনামী, প্ৰাৰ্থপ্ৰতীম নেওগ আৰু নিশিতা খনিকৰক ফাউণ্ডেশ্যনে প্ৰদান কৰে জলপানী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/52db22ca-b231-4643-9738-2f70672eea6b/e0812e70_e264_4b74_81b5_9f402be0caa6.jpg)
অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত, সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত, শিৱসাগৰ পৌৰপতি মৃণালী কোঁৱৰ, সমাজকৰ্মী সুৰভী ৰাজকোঁৱৰীকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি, কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/cc967aee-086e-4583-89c0-4c842ab537fa/871d914e_e81e_4710_95c0_589b07bcfe2e.jpg)