/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/650c37c6-86c2-49b9-bc3c-35151482ba21/ranjan.jpg)
Ranjan Daimary sentenced to life imprisonment: gauhati hc
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত ৰঞ্জন দৈমাৰী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে । বি টি চিৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আদালতে ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ।
সংবাদমাধ্যমৰ আগত উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে কয় যে, এনে ৰায়দান হ'ব বুলি কাহানিও ভৱা নাছিলো বড়ো চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে মানবীয় দৃষ্টিভঙ্গীৰে ৰায়দানৰ কিছু সালসলনি কৰিব লাগিছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়দানে বাহাল ৰাখিলে আৰু ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তললৈ আনিবলৈ উচ্চতৰ পৰ্যায়ত প্ৰচেষ্ঠা চলোৱা হ'ব বুলি সদৰী কৰিছে বিটিচিৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে ।
ইপিনে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে ন্যায়ালয়ৰ এই ৰায়দানত আশ্চৰ্য প্ৰকাশ কৰিছে । এক টেলিফোনিক বাৰ্তাত অঞ্জলী দৈমাৰীয়ে কয় যে, ৰঞ্জন দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই বোমা দিয়াৰ কোনো সাক্ষ্য প্ৰমান নাই বুলি কৈছে । বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে তেওঁক ৰেহাই দিয়াটো উচিত আছিল বুলি মন্তব্য কৰি ৰঞ্জন দৈমাৰীক মুকলি কৰি দিলে ৰাজনৈতিক স্বাৰ্থত ব্যাঘাত হ'ব আৰু সেইকাৰণে ৰেহাই নিদিয়াৰ এয়া এক ৰাজনৈতিক অভিসন্ধি বুলি মন্তব্য প্ৰকাশ কৰে ।
বি টি আৰ চুক্তিৰ অন্যান্য স্বাক্ষৰকাৰীসকলে যেনে ভূমিকা ল'ব লাগিছিল সেয়া লোৱা দেখা নগ'ল বুলি মন্তব্য কৰি ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে স্বাক্ষৰকাৰীক ৰেহাই নিদিয়া চুক্তিখন কেনেকৈ শান্তিৰ চুক্তি হ'ব পাৰে বুলি কটাক্ষ কৰে । যদিহে ৰঞ্জন দৈমাৰী আইনবিৰোধী আছিল তেনেহলে কেনেকৈ জেলৰ পৰা উলিয়াই কেনেকৈ বিটিআৰ চুক্তিত স্বাক্ষৰ কৰিলে বুলি মন্তব্য কৰি ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে যাৱজ্জীৱন কাৰাদণ্ড হ'ব বুলি তেওঁ কাহানিও আশা কৰা নাছিল বুলি মন্তব্য কৰিছে ।