ৰাইজৰ টকা আত্মসাৎ কৰি পৰিয়ালসহ পলায়ন প্ৰৱঞ্চক অনিৰ্বান দেউৰীৰ

আৰক্ষীয়ে গুৱাহাটীৰ পৰা অনিৰ্বান দেউৰীৰ প্ৰেয়সীক কৰায়ত্ব কৰি শনিবাৰে নগাঁৱলৈ আনিছিল যদিও ৰাজনৈতিক নেতাৰ ফোনত নগাঁৱৰ আৰক্ষীয়ে কোনো সোধপোচ নকৰি ঘৰৰ ছোৱালীক ঘৰলৈ যাবলৈ দিয়ে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাঁও:   নগাঁৱৰ বহু ৰাইজৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে অনিৰ্বান দেউৰী নামৰ এজন যুৱকৰ বিৰুদ্ধে। এই অভিযোগৰ পাছতে নগাঁৱৰ ভূঞাপট্টিত বাস কৰা মৰিগাঁৱৰ অনিৰ্বান দেউৰীয়ে পৰিয়াল সহ পলায়ন কৰে। পুত্ৰ সৈতে পলাতক পিতৃ বুবুল দেউৰী আৰু মাতৃ মুন দেৱী । 

Advertisment

জানিব পৰা মতে, অনিৰ্বান দেউৰীয়ে কেইজনমান যুবকৰ সৈতে মিলি ব্যৱসায় কৰাৰ বাবে ধন সংগ্ৰহ কৰিছিল। সেই ধন অনিৰ্বান দেউৰীয়ে বিনিয়োগ কৰিছিল শ্বেয়াৰ মাৰ্কেটত। বছৰ দিয়েক পূৰ্বে ৰাজ্য ব্যাপী পঞ্জিস্কীমৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। অসম চৰকাৰে সমগ্ৰ ঘটনা চিবিআইৰ দ্বাৰা তদন্ত কৰাইছিল ।

চিবিআয়ে ৰাজ্য চৰকাৰে দিয়া গোচৰৰ ভিতৰত নগাঁৱৰ অনিৰ্বান দেউৰীৰ “বুলচ আই ফাউণ্ডেশ্যনৰ“ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি অনিৰ্বান দেউৰীৰ লগতে কাশ্যপ ফুকন, বিশাল তামুলী,ধীৰাজ কাশ্যপ নাথ,ময়ুৰ ডেকা,জ্যোতিশমান মহন্ত, পল বৰদলৈক তদন্তৰ আওতালৈ আনে। 

চি বি আয়ে সমগ্ৰ ঘটনা তদন্ত চলাই অন্তিম পৰ্যায়তত উপনীত হোৱাৰ সময়তে হঠাৎ নোহোৱা হয় অনিৰ্বান দেউৰী। প্ৰথমে অনিৰ্বান, পৰবৰ্তী সময়ত বুবুল দেউৰী পাছত মুন দেৱীয়েও পলায়ন কৰে। গুৱাহাটীত ফ্লেট ভাড়ালৈ লৈ থকা অনিৰ্বানে মে’ মাহৰ শেষত পলায়ন কৰে। 

বুলচ আই ফাউণ্ডেশ্যনৰ ব্যৱসায়ীক সম্প্ৰসাৰনৰ বাবে নগাঁৱৰ প্ৰায় সহস্ৰাধিক লোকে ধন প্ৰদান কৰিছিল। বিনোয়োগকাৰীয়ে অনিৰ্বান দেউৰীৰ পৰা ধন আদায় পাবলৈ সক্ষম নোহোৱাত ফাউণ্ডেশ্যনৰ অন্যতম কাশ্যপ ফুকনক জবাবদিহি কৰে।

ইয়াৰ মাজতে কাশ্যপ ফুকনে তৰা এক গোচৰৰ ভিত্তিত নগাঁও সদৰ থানাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা অনিৰ্বান দেউৰীৰ প্ৰেয়সীক কৰায়ত্ব কৰি শনিবাৰে নগাঁৱলৈ আনিছিল যদিও ৰাজনৈতিক নেতাৰ ফোনত নগাঁৱৰ আৰক্ষীয়ে কোনো সোধপোচ নকৰি ঘৰৰ ছোৱালীক ঘৰলৈ যাবলৈ দিয়ে। 

দেওবাৰে কাশ্যপ ফুকনৰ নগাঁও ষ্টেশ্যনৰোডত  থকা বাসগৃহত একাংশ বিনিযোগকাৰীয়ে ভীৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি কাশ্যপ ফুকনক নগাঁও সদৰ থানালৈ লৈ যায়। 

বৰ্তমান বুলচ আই ফাউণ্ডেশ্যনত ধন বিনোয়োগ কৰা বিনোয়োগকাৰী সকলে পলাতক অনিৰ্বান দেউৰীক নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

মৰিগাঁও প্ৰৱঞ্চক