পেহেলগাম সন্দৰ্ভত বিতৰ্কিত মন্তব্য, অনিল বনীয়াক গ্ৰেপ্তাৰ কৰিলে বিহালী আৰক্ষীয়ে

২৪ এপ্ৰিলত অনিল বনীয়াই ফেইচবুক যোগে পেহেলগামত পাকিস্তানী উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা নাৰকীয় হত্যাযজ্ঞ সন্দৰ্ভত দেশ বিৰোধী বক্তব্য় দাঙি ধৰিছিল ৷

author-image
Asomiya Pratidin
New Update
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদকক গ্ৰেপ্তাৰ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বিহালী : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনীয়াক দেশদ্ৰোহ গোচৰত গ্ৰেপ্তাৰ কৰে বিশ্বনাথ আৰক্ষী প্ৰশাসনে ৷ প্ৰাপ্ত তথ্য অনুসৰি, ২৪ এপ্ৰিলত অনিল বনীয়াই ফেইচবুক যোগে পেহেলগামত পাকিস্তানী উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা নাৰকীয় হত্যাযজ্ঞ সন্দৰ্ভত দেশ বিৰোধী বক্তব্য় দাঙি ধৰিছিল ৷ ছাত্ৰনেতা অনিল বনীয়াৰ বিৰুদ্ধে বিহালী আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১১৩ (৩), ১৫২, ১৯৬, ১৯৭ (১), ৩৫২,৩৫৩ ধাৰাত  গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ 

Advertisment

বিহালী আৰক্ষী থানাত পঞ্জীয়নভুক্ত গোচৰৰ ভিত্তিত বিহালী আৰক্ষীয়ে ছাত্ৰনেতা অনিল বনীয়াক স্বগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ইফালে  বিহালী আৰক্ষীয়ে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক অনিল বনীয়াক গ্ৰেপ্তাৰ কৰি বিশ্বনাথ সত্ৰ ন্যায়ালয়ত হাজিৰ কৰাই বিশ্বনাথ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি পেহেলগাম