আজি ইডিৰ জেৰাৰ সন্মুখীন হ’ব অনিল আম্বানী

আজি ইডিৰ জেৰাৰ সন্মুখীন হ’ব ব্যৱসায়ী অনিল আম্বানী। ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতি গোচৰৰ তদন্তৰ অংশ হিচাপে ইডিৰ সন্মুখত হাজিৰ হ’ব লাগিব অনিল আম্বানী।

author-image
Asomiya Pratidin
New Update
dsadsd

ডিজিটেল ডেস্কঃ আজি ইডিৰ জেৰাৰ সন্মুখীন হ’ব ব্যৱসায়ী অনিল আম্বানী। ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতি গোচৰৰ তদন্তৰ অংশ হিচাপে ইডিৰ সন্মুখত হাজিৰ হ’ব লাগিব অনিল আম্বানী। চৰকাৰী সূত্ৰই সদৰি কৰা অনুসৰি, তদন্তকাৰী সংস্থাটোৱে অনিল আম্বানীৰ বক্তব্যক প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্ট (পিএমএলএ)ৰ অধীনত ৰেকৰ্ড কৰিব। ইয়াৰ পূৰ্বে ১ আগষ্টত ইডিয়ে অনিল আম্বানীক দিল্লীৰ ইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে,পূৰ্বে উদ্যোগপতি অনিল আম্বানীৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰা হৈছিল। লুকাউট চাৰ্কুলাৰৰ পিছত আদালতৰ অনুমতি অবিহনে তেওঁ ভাৰতৰ বাহিৰলৈ যাব নোৱাৰিব। এই গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে দিল্লীস্থিত ইডিৰ মুখ্য কার্যালয়লৈ অনিল আম্বানীক মাতি অনাৰ সময়তে ইডিয়ে এই পদক্ষেপ গ্ৰহণ কৰে। এই তদন্ত ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত সন্দেহযুক্ত আৰ্থিক অনিয়ম আৰু সম্ভাৱ্য উলংঘাৰ সৈতে জড়িত। 

ইফালে, এই গোচৰৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ ভূমিকা সম্পৰ্কেও তদন্ত চলাই আছে সংস্থাটোৱে। আনহাতে, কিছুদিন পূৰ্বে ইডিয়ে এই গোচৰত অনিল আম্বানীৰ ব্যৱসায়িক গোটৰ কেইবাটাও কোম্পানীত অভিযান চলাইছিল। ২৪ জুলাইৰ পৰা আৰম্ভ হোৱা এই অভিযান তিনিদিন ধৰি চলিছিল। 

ইডি অনিল আম্বানী