/asomiyapratidin/media/media_files/2025/07/09/354-2025-07-09-19-03-34.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্পত বুধবাৰে ভৰ দুপৰীয়া তিনি শতাধিক কৰ্মী- সহায়িকাই প্ৰচণ্ড উত্তাপৰ মাজতো ভাৰত বন্ধ পালনেৰে কঁপালে চিলাপথাৰ। হাতে- হাতে ফলক লৈ "আমাক মাননীৰ সলনি উচিত মজুৰি দিয়ক, শ্ৰম সংহিতা বাতিল কৰক, আই চি ডি এছ জিন্দাবাদ, কেন্দ্ৰীয় বাজেট বৃদ্ধি কৰক, আমাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়ক" আদি শ্লগানেৰে উত্তাল কৰি তোলে পৰিবেশ।
সৰ্বস্তৰৰ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত সামান্য মাননীৰে কৰ্মী অথবা সহায়িকাসকলে কি দৰে জীয়াই থাকিব বুলি মন্তব্য কৰি চৰকাৰৰ ওচৰত আমি আশাবাদী বুলি মন্তব্য কৰে। লগতে কৰ্মীসকলক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ দিয়ক বুলি কয়।
মহিলাসকলে সন্থাৰ গণতান্ত্ৰিক দাবী সময় মতে কাৰ্যকৰী নকৰিলে আন্দোলন অধিক তীব্ৰ কৰি তোলাৰ হুংকাৰ দিয়ে। ধৰ্মঘটত কাৰ্যসূচীত শিশু প্ৰকল্পটোৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰ আৰু মিনি কেন্দ্ৰৰ তিনি শতাধিক কৰ্মী সহায়িকাই ভাগ লয়।