/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/03afe9e7-ed1c-458f-82e4-1b43f4666452/1.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত শিশু খাদ্য বিক্ৰীৰ অভিযোগত কালাপানী আৰক্ষী চকীত অংগনবাড়ী কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দািল কৰিছে। মানকাচৰৰ ফেকামাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত থকা ১৪২ নং পাছেৰ গাওঁ দৰুৱা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰহিমা খাতুনে শিশু খাদ্য বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/39b9884c-cd1a-413f-be96-4616e9eefe0c/d20b287a-6fe8-4309-9350-6b938c13c796.jpg)
কৰ্মীগৰাকীয়ে বিক্ৰী কৰা শিশু খাদ্য ৰাইজে উদ্ধাৰ কৰি কালাপানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ঘটনাক লৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
লক্ষণীয় যে ৰহিমা খাতুন নিজৰ কেন্দ্ৰত দীৰ্ঘদিনৰ পৰা পাঠদান বন্ধ কৰি ৰাখিছে।শিশুৰ বাবে চৰকাৰে আৱন্টন দিয়া পুষ্টিকৰ খাদ্যৰ পৰাও বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অংগনবাদী কৰ্মী ৰহিমা খাতুনৰ বিৰুদ্ধে।
শিশু খাদ্য বিক্ৰী কৰাৰ বিৰুদ্ধে এতিয়া স্থানীয় ৰাইজে জাঙুৰ খাই উঠিছে। কৰ্মী ৰহিমা খাতুনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাই।
Also Read: চাহ জনজাতিৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ মুখ্যমন্ত্ৰীৰ