মহাকাশ যাত্ৰাৰ বাবে সাজু ডাংগেতি জাহ্নৱীঃ প্ৰথমগৰাকী ভাৰতীয় হিচাপে সম্পূৰ্ণ কৰিলে নাছাৰ বিশেষ কাৰ্যসূচী

মহাকাশ  যাত্ৰাৰ বাবে সাজু হৈছে এগৰাকী ভাৰতীয় মহিলা। সকলো ঠিকেই থাকিলে ২০২৯ চনত মহাকাশ যাত্ৰা কৰিব অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ পালাকোল্লুৰ ডাংগেতি জাহ্নৱীয়ে। 

author-image
Asomiya Pratidin
New Update
মহাকাশ যাত্ৰাৰ বাবে সাজু ডাংগেতি জাহ্নৱীঃ প্ৰথমগৰাকী ভাৰতীয় হিচাপে সম্পূৰ্ণ কৰিলে নাছাৰ বিশেষ কাৰ্যসূচী

ডিজিটেল ডেস্কঃ মহাকাশ  যাত্ৰাৰ বাবে সাজু হৈছে এগৰাকী ভাৰতীয় মহিলা। সকলো ঠিকেই থাকিলে ২০২৯ চনত মহাকাশ যাত্ৰা কৰিব অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ পালাকোল্লুৰ ডাংগেতি জাহ্নৱীয়ে। 
ইতিমধ্যে জাহ্নৱীয়ে নাছাৰ আন্তঃৰাষ্ট্ৰীয় বায়ু আৰু মহাকাশ কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰিছে। এনে সফলতাৰ অধিকাৰী হোৱা তেওঁ প্ৰথমগৰাকী ভাৰতীয় হিচাপেও পৰিগণিত হৈছে। 

Advertisment

ইলেক্ট্ৰনিছ আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিঙৰ স্নাতক জাহ্নৱীয়ে ২০২৯ ত উদ্বোধন হ’বলগীয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰকল্প টাইটানৰ অৰ্বিটেল প’ৰ্ট স্পেচ ষ্টেচনলৈ যাবলৈ নিৰ্বাচিত হৈছে। 

এইগৰাকী ভাৰতীয় মহিলা বিজ্ঞানীৰ এনে সফলতাত আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ অভিভাৱক, আত্মীয় তথা একালৰ শিক্ষানুষ্ঠানসমূহ। তেওঁৰ পিতৃ শ্ৰীনিবাস আৰু মাতৃ পদ্মশ্ৰী কৰ্মসূত্ৰে থাকে কুৱেইটত। 

জাহ্নৱীয়ে গৃহ চহৰ পালাকোল্লুত ইণ্টাৰমিডিয়েট শিক্ষা সমাপ্ত কৰাৰ পিছতলাভলী প্ৰফেচনেল ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। ইতিমধ্যে তেওঁ সমগ্ৰ দেশৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীক বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ কেইবাটাও বক্তৃতা প্ৰদান কৰিছে।

তেওঁ নিয়মিতভাৱে এনালগ মিছন, গভীৰ সাগৰত ডাইভিং আৰু দীৰ্ঘকালীন মহাকাশ ভ্ৰমণৰ গ্ৰহ বিজ্ঞান আৰু বহনক্ষমতাৰ সৈতে জড়িত বিশ্ব সন্মিলনত অংশগ্ৰহণ কৰি আহিছে। জাহ্নৱীয়ে ইতিমধ্যে সৰ্ব কনিষ্ঠ বিদেশী এনালগ মহাকাশচাৰী আৰু স্পেছ আইচলেণ্ডৰ ভূতত্ত্ব প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয় হিচাপেও অভিলেখ গঢ়িছে।

তাৰোপৰি তৰুণ বিজ্ঞানী, মহাকাশ গৱেষক জাহ্নৱীয়ে নাছা স্পেছ এপছ চেলেঞ্জত পিপলছ চয়ছ এৱাৰ্ড আৰু ইছৰোৰ ৱৰ্ল্ড স্পেছ উইক ইয়ং এচিভাৰ এৱাৰ্ডকে ধৰি বহু স্বীকৃতি লাভ কৰিছে। 

 

মহাকাশ গৱেষণাগাৰ মহাকাশ নাছা