/asomiyapratidin/media/media_files/2025/07/16/damadji-16-2025-07-16-08-56-43.jpg)
ডিজিটেল ডেস্কঃ ‘পঞ্চায়ত’ৰ দামাদজী অসুস্থ। হাৰ্ট এটেকৰ সন্মুখীন হৈ তেওঁ এতিয়া হাস্পতালৰ বিচনাত।কেইবা ঘণ্টা ধৰি সন্মুখী হোৱা জটিল পৰিস্থিতিৰ পাছত এতিয়া তেওঁ অৱশ্যে সুস্থ।
জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তৰ এটা জনপ্ৰিয় চৰিত্ৰ আছিল দামাদজী।এই চৰিত্ৰত অভিনয় কৰা আছিফ খানে মাত্ৰ ৩৪ বছৰ বয়সতে হাৰ্ট এটেকৰ সন্মুখীন হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত একপ্ৰকাৰে আলোড়ণৰ সৃষ্টি হয়।
অৱশ্যে অনুৰাগীৰ সকলো উৎকণ্ঠা, উদ্বেগ দূৰ কৰি অভিনেতাগৰাকীয়ে নিজেই তেওঁৰ স্বাস্থ্যৰ বাৰ্তা ৰাজহুৱা কৰিছে। জানিব পৰা মতে দেওবাৰে হঠাতে অসুস্থ হৈ পৰে অভিনেতা আছিফ খান।
তাৰ পিছত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ত তেওঁৰ দ্ৰুত চিকিৎসা আৰম্ভ হয়। সঠিক সময়ত চিকিৎসকৰ কাষত গৈ উপস্থিত হোৱাৰ বাবেই তেওঁৰ জীৱন ৰক্ষা পৰিল বুলি খবৰ আহিছে।
চিকিৎসকৰ প্ৰচেষ্টাত কেইবাঘণ্টাৰ মাৰাথন চিকিৎসাৰ অন্তত তেওঁৰ স্বাস্থ্যৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰিত। জানিব পৰা মতে আছিফ খানৰ শাৰীৰিক অৱস্থা এতিয়া সুস্থিৰ।
উল্লেখ্য যে,অভিনেতা আছিফ খানে ‘পঞ্চায়ত’, ‘পাতল লোক’, ‘মিৰ্জাপুৰ’ৰ দৰে ৱেব ছিৰিজত অভিনয় কৰি ইতিমধ্যে দৰ্শকৰ চিনাকী মুখ হৈ পৰিছে। লাভ কৰিছে জনপ্ৰিয়তাও।
তেওঁৰ শাৰীৰিক অৱস্থা কিছু সুস্থিৰ হোৱাৰ পিছত নিজেই নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ শাৰীৰিক অৱস্থাৰ বিষয়ে উল্লেখ কৰি অনুৰাগীক খবৰ দিছে। ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰীত অভিনেতাগৰাকীয়ে জীৱনৰ এই নতুন অভিজ্ঞতা সকলোৰে সৈতে শ্বেয়াৰ কৰিছে।
হাস্পতালৰ এটা কোঠাৰ চিলিঙৰ এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে, " একেৰাহে ৩৬ ঘণ্টা ধৰি এই একেটা বস্তু দেখি দেখি জীৱনক মই অনুভৱ কৰিছো। জীৱনক সহজভাৱে লোৱা উচিত নহয় কাৰণ জীৱ এটাই। তোমাৰ কাষত যি আছে তাৰ মূল্য দিয়া উচিত। তোমাৰ কাষত যিসকল আছে তেওঁলোকক সময় দিয়া। বুজক জীৱনত কোনে অধিক প্ৰাধান্য পোৱা উচিত। আৰু তেওঁলোকৰ যত্ন লওঁক। জীৱন আমাৰ বাবে এক অমূল্য উপহাৰ।
আন এটা পোষ্টত আছিফে আৰু লিখিছে, ‘যোৱা কেইঘণ্টামানৰ পৰা মই অসুস্থতাৰ সৈতে যুঁজি আছো। যাৰ বাবে মোক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’ল। কিছু সুস্থ হৈছো, আৰু লাহে লাহে সুস্থ হৈ উঠিছো। মোৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি মোক মৰম দেখুওৱাৰ বাবে মোৰ সকলো শুভাকাংক্ষীক ধন্যবাদ জনাইছো। আপোনালোকে মোৰ প্ৰতি যি চিন্তা আৰু মৰম দেখুৱাইছে তাৰ বাবে মই কৃতজ্ঞ। অতি সোনকালে মই মোৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিম। তেতিয়ালৈকে মোক আপোনালোকৰ হৃদয়ত ৰাখক।'