/asomiyapratidin/media/media_files/2025/04/05/TDArJQ9RQfLCy0xdEyUo.jpg)
শ্ৰীকৃষ্ণৰ প্ৰতি দেহ, মন আৰু আত্মাক অৰ্পণ
ডিজিটেস ডেস্ক: ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি দেহ, মন আৰু আত্মাক অৰ্পণ কৰিছে অনন্ত আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে জামনগৰৰ পৰা দ্বাৰকাধীশ মন্দিৰলৈ কৰিছে পদযাত্ৰা। প্ৰায় ১৩০ কিলোমিটাৰ দৈৰ্ঘ্য পদযাত্ৰা কৰিব অনন্তই। প্ৰতিদিনে ৬ৰ পৰা ৭ ঘণ্টা খোজকাঢ়ি যাত্ৰা কৰে আৰু প্ৰতিদিনে প্ৰায় ২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আম্বানী তনয়ে। ১০ এপ্ৰিলত অনন্ত আম্বানীৰ জন্মদিন। ৮ এপ্ৰিলৰ পূৰ্বে তেওঁ মন্দিৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে এইয়া কোনো আনুষ্ঠানিক পদযাত্ৰা নহয় বৰঞ্চ ই সম্পূৰ্ণ ভক্তিৰ কাৰ্য্য। অনন্ত আম্বানীৰ এই পদযাত্ৰা নিসংগতা আৰু ঈশ্বৰৰ সন্ধানত দ্বাৰকাধিশৰ কৃপা আৰু সনাতন ধৰ্মৰ আদৰ্শৰ প্ৰতি উৎসৰ্গিত। এই যাত্ৰাক আৰু অধিক অসাধাৰণ কৰি তোলা কথাটো হ’ল অনন্তই কুছিং চিনড্ৰম (এটা বিৰল হৰম’নৰ বিকাৰ) আৰু ইয়াৰ ফলত হোৱা মেদবহুলতাৰ সৈতে যুঁজি এই যাত্ৰা কৰি আছে। ইয়াৰ সমান্তৰালকৈ তেওঁ হাঁপানী আৰু ফাইব্ৰ’ছিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সৈতেও যুঁজি আছে, যিবোৰে তেওঁক সৰুৰে পৰা প্ৰত্যাহ্বান জনাই আহিছে। এনে প্ৰত্যাহ্বানসমূহে স্বাভাৱিক স্বাস্থ্যৰ ব্যক্তিকো ভয় খুৱাব পাৰে। তথাপিও অনন্তই শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱ লৈ পদযাত্ৰা কৰিছে।
বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীয়েও এই পদযাত্ৰাত অনন্ত আম্বানীক সংগ দিয়ে। পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে সদৰী কৰে যে, অনন্ত তেওঁৰ ভ্ৰমণৰ সময়ত কেৱল নাৰিকল পানীৰ ওপৰত নিৰ্ভৰশীল। অনন্ত আম্বানীৰ এই পদযাত্ৰাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।