৩০ বছৰীয়া জন্মদিনত কি ক'লে অনন্ত আম্বানীয়ে?

অন্ত পৰিল অনন্ত আম্বানীৰ বহু চৰ্চিত পদযাত্ৰাৰ। ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পদযাত্ৰা দেওবাৰে দ্বাৰকাধীশ মন্দিৰত সামৰণি পৰে। ৩০ বছৰীয়া জন্মদিন উপলক্ষে শ্ৰীকৃষ্ণৰ আশীষ ল'বলৈ কৰা এই ধৰ্মীয় যাত্ৰাৰ শেষৰ দিনটোত তেওঁক সংগ দিয়ে মাতৃ আৰু পত্নী ৰাধিকা মাৰ্চেণ্টে।

author-image
Asomiya Pratidin
New Update
অন্ত পৰিল অনন্ত আম্বানীৰ পদযাত্ৰা

অন্ত পৰিল অনন্ত আম্বানীৰ পদযাত্ৰা

ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল অনন্ত আম্বানীৰ বহু চৰ্চিত পদযাত্ৰাৰ। ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পদযাত্ৰা দেওবাৰে দ্বাৰকাধীশ মন্দিৰত সামৰণি পৰে। ৩০ বছৰীয়া জন্মদিন উপলক্ষে শ্ৰীকৃষ্ণৰ আশীষ ল'বলৈ কৰা এই ধৰ্মীয় যাত্ৰাৰ শেষৰ দিনটোত তেওঁক সংগ দিয়ে মাতৃ নীতা আম্বানী আৰু পত্নী ৰাধিকা মাৰ্চেণ্টে।

Advertisment

দ্বাৰকাধীশত প্ৰাৰ্থনা কৰাৰ অন্তত অনন্ত আম্বানীয়ে সকলোকে ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰি কয়, ‘এয়া মোৰ ধৰ্মীয় যাত্ৰা। ভগৱানৰ নাম লৈ যাত্ৰা আৰম্ভ হৈছিল আৰু ভগৱানৰ নাম লৈ যাত্ৰা সম্পূৰ্ণ হৈছে। ভগৱান শ্ৰী দ্বাৰকাধিছে আমাৰ প্ৰতি অতি দয়া কৰিছে। ইয়াৰ বাবে মই ভগৱান শ্ৰী দ্বাৰকাধীশক বহুত বহুত ধন্যবাদ জনাইছো। আজি মোৰ পত্নী আৰু মা আহিছে। দেউতাইও মোক সদায় সহায় কৰিছে।"

আনহাতে, পত্নী ৰাধিকা মাৰ্চেণ্টেও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অনুভৱ। তেওঁ উল্লেখ কৰে, "আজি অনন্তৰ ৩০ বছৰীয়া জন্মদিন। আমি গৌৰৱান্বিত যে, আজি আমি ইয়াত অনন্তৰ জন্মদিন উদযাপন কৰিছো। অনন্তক তেওঁৰ পদযাত্ৰা সফল কৰি তোলাৰ বাবে আশীৰ্বাদ দিয়া সেই সকলোকে ধন্যবাদ জনায়" পত্নী ৰাধিকা মাৰ্চেণ্টে।

উল্লেখযোগ্য যে, অনন্ত আম্বানী কুছিং চিনড্ৰম (এক প্ৰকাৰৰ বিৰল হৰম’নৰ বিকাৰ) আৰু ইয়াৰ ফলত হোৱা মেদবহুলতাৰ সৈতে যুঁজি দি আছে। ইয়াৰ সমান্তৰালকৈ তেওঁ হাঁপানী আৰু ফাইব্ৰ’ছিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সৈতেও যুঁজি আছে, যিবোৰে তেওঁক সৰুৰে পৰা প্ৰত্যাহ্বান জনাই আহিছে। তাৰ পাছতো অনন্তে কৰা ১৭০ কিলোমিটাৰ পদযাত্ৰাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

নীতা আম্বানী অনন্ত আম্বানী