সাহিত্যিক য়েছে দৰজে ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান...

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু

author-image
Asomiya Pratidin
New Update
সাহিত্যিক য়েছে দৰজে ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান...

Anandaram dhekiyal phukan award

ডিজিটেল সংবাদ,নগাঁওঃ বিশিষ্ট সাহিত্যিক য়েছে দৰজি ঠংচিক প্ৰদান কৰা হয় আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ শণিবাৰে নগাঁৱৰ উচ্চ শিক্ষাৰ প্ৰতিস্থান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয় ৷

Advertisment

বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু। এই বঁটাত আছে স্মাৰক, শৰাই, চেলেঙ,নগদ ধন ৷ বঁটা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে কয় যে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে কাম কৰা আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত উৎসৰ্গিত এই সন্মান লাভ কৰি মই আনন্দিত ৷

সাহিত্যচৰ্চাৰে জৰিত হোৱাৰ বাবে নিজৰ সাহিত্য কৰ্ম বিদ্যালয় , মহাবিদ্যালয় সমূহক উপহাৰ হিচাপে আগবঢ়াবলৈ ইচ্ছুকতা প্ৰকাশ কৰা সাহিত্যিক ঠংচিয়ে কয় যে প্ৰতিভা হেঁচা দি ৰাখিব পৰা নাযায় ৷ বাধা প্ৰদান কৰি প্ৰতিভাক হেঁচা দি ৰাখিব নোৱাৰি ৷ প্ৰতিভা বিকাশ হ'বই ৷

সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে কয় যে আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰদান কৰি শিক্ষানুষ্ঠানটিয়ে মহান কাম কৰিছে ৷ বিভিন্ন শিক্ষানুষ্ঠানত খালী থৈ থকা অধ্যক্ষ পদ পূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি স্থায়ী অধ্যক্ষ নিয়ুক্তিৰ বাবে চাৰ্ভিচ ৰ’ল প্ৰস্তুত কৰি থকা বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷

গুনোৎসৱত এ গ্ৰেড লাভ কৰা বিদ্যালয়ক ২৫ হাজাৰকৈ আগবঢ়োৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী পেগুৱে কয় যে ৰাজ্যৰ ৮৮৫ খন বিদ্যালয়ক হায়াৰ চেকেণ্ডাৰীলৈ উন্নিত কৰা হ'ব বুলি উল্লেখ কৰে ৷ ইতিপূৰ্বে ২১৫ বিদ্যালয়ক হায়াৰ চেকেণ্ডাৰীলৈ উন্নিত কৰা হৈছে বুলি কয় মন্ত্ৰী গৰাকীয়ে।

ranoj pegu yese dorje thongchi