ডিজিটেল ডেস্কঃ সূক্ষ্ম দৃষ্টিভংগী সম্পন্ন তথা তথ্যনিষ্ঠ সংবাদ সেৱাৰ এগৰাকী অতন্দ্র প্রহৰী হিচাপে প্রায় এক দশক কাল সাংবাদিকতা কৰা প্রতিদিন টাইমৰ কার্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞালৈ বর্ষশ্রেষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰিলে সামাজিক সাংস্কৃতিক সংস্থা এনাজৰীয়ে।
উত্তৰ পূর্বাঞ্চলৰ ভাষা-সাহিত্য,সংস্কৃতি আৰু সামাজিক ক্ষেত্রখনক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে জন্ম লাভ কৰা সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'য়ে উল্লেখিত ক্ষেত্রসমূহত নিষ্ঠাৰে কাম কৰা লোকসকলক প্রতি বছৰে 'এনাজৰী বঁটা' প্রদান কৰি আহিছে।
এনাজৰীৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই এক প্ৰেছ বিজ্ঞপ্তিযোগে ২০২৪ বর্ষৰ 'এনাজৰী বঁটা' প্রাপকসকলৰ নাম আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই বর্ষত ব্যতিক্রমী ৰূপত এনাজৰীয়ে অসমৰ ভাষা-সাহিত্য আৰু শৈক্ষিক ক্ষেত্রৰ ৩গৰাকী মহীৰূহলৈ জীৱনজোৰা সাধানা বঁটা আগবঢ়াইছে।
বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ-সমালোচক ড° শৈলেন ভৰালী, বিশিষ্ট ভাষাবিদ-শিক্ষাবিদ-সাহিত্যিক ড' নগেন ঠাকুৰ আৰু বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ-গৱেষক ড' নহেন্দ্র পাদুনলৈ এনাজৰীয়ে 'জীৱনজোৰা সাধনা বঁটা' আগবঢ়ায়। বিশিষ্ট সংগীত শিল্পী তথা অধ্যাপক ড' অনিমা চৌধুৰীলৈ 'চাৰু গোহাঁই সোঁৱৰণী এনাজৰী বঁটা', বিশিষ্ট নাট্যকাৰ-পৰিচালক-অভিনেতা সমৰেন্দ্র বর্মনলৈ 'মহানন্দ শর্মা সোঁৱৰণী এনাজৰী বঁটা', নির্ভীক- নিৰপেক্ষভাৱে দুই দশকৰো অধিক কাল সাংবাদিকতা কৰা দৈনিক অসম কাকতৰ জোষ্ঠ সাংবাদিক জীতেন্দ্র কুমাৰ চৌধুৰীলৈ 'অম্বিকানাথ ভট্টাচার্য সোঁৱৰণী এনাজৰী বঁটা', বিশিষ্ট আলোকচিত্র শিল্পী সমীৰ চৌধুৰীলৈ 'প্রণীত বৰুৱা সোঁৱৰণী এনাজৰী বঁটা' আগবঢ়ায়।
মহেশ ৰাভা (বিশিষ্ট ৰাভা শিল্পী), প্রাঞ্জল ভাগৱতী (চলচিত্র প্রযোজক) আৰু চণ্ডী পাটোৱাৰীৰ নাগাৰা নাম দল (কামৰূপীয়া লোক-সংস্কৃতি) লৈ আগবঢ়োৱা হৈছে 'বিশেষ এনাজৰী বঁটা'। অহা ৩ নবেম্বৰত শ্রীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রৰ মাধবদেৱ প্রেক্ষাগৃহত শিল্পী-সাহিত্যিক আৰু প্রশাসনীয় বিষয়াৰ সমাহাৰেৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হ'ব।