নগাঁও পৌৰ সভাত সংযোজন হ’ল অত্যাধুনিক ছুপাৰ চকা’ৰ যন্ত্ৰ

নগাঁও পৌৰসভা এলেকাৰ নলা- নৰ্দমাৰ অপৰিস্কাৰ জাবৰ-জোঁথৰ আদি অত্যাধুনিক প্রযুক্তিৰে নিষ্কাষণ কৰাৰ উদ্দেশ্যৰে নগাঁও পৌৰসভাই পোন প্ৰথমবাৰৰ বাবে 'ছুপাৰ চকাৰ' নামৰ এটি অত্যাধুনিক যন্ত্ৰ সংযোজনৰ পদক্ষেপ গ্ৰহণ কৰিছে

author-image
Asomiya Pratidin
New Update
352

ডিজিটেল সংবাদ, নগাঁও : নগাঁও পৌৰসভা এলেকাৰ নলা- নৰ্দমাৰ অপৰিস্কাৰ জাবৰ-জোঁথৰ আদি অত্যাধুনিক প্রযুক্তিৰে নিষ্কাষণ কৰাৰ উদ্দেশ্যৰে নগাঁও পৌৰসভাই পোন প্ৰথমবাৰৰ বাবে 'ছুপাৰ চকাৰ' নামৰ এটি অত্যাধুনিক যন্ত্ৰ সংযোজনৰ পদক্ষেপ গ্ৰহণ কৰিছে। বুধবাৰে নগাঁও চহৰৰ মনসা মন্দিৰ চাৰিআলিত এই অত্যাধুনিক যন্ত্ৰটিৰ কাৰ্যপ্ৰণালীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।  

Advertisment

এই অত্যাধুনিক যন্ত্ৰটিৰ জৰিয়তে নগাঁও পৌৰসভা এলেকাৰ নলা-নৰ্দমাসমূহ সুন্দৰকৈ চাফ-চিকুণ হ'ব আৰু জনসাধাৰণ যথেষ্ট উপকৃত হ'ব পাৰিব বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। আজি 'ছুপাৰ চকাৰ' যন্ত্ৰটিৰ শুভাৰম্ভণি অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ,উপ-পৌৰপতি সীমান্ত বৰা প্ৰমুখ্যে নগাঁৱৰ বিভিন্ন পৌৰ আয়ুক্ত সকল আৰু পৌৰসভাৰ বিভিন্ন বিষয় -ববীয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

নগাঁও