বৰদিকৰাই মিৰি গাঁৱত টি এম পিকে ধৰি কেইবাটাও সংগঠনৰ উদ্যোগত সাংগঠনিক কৰ্মশালা সম্পন্ন

জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱৰ মৰাং ঘৰত ‌ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত শনিবাৰে বিয়লি এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত  হয় । এই সাংগঠনিক কৰ্মশালাখন শুভাৰম্ভ কৰে এম এম কেৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে ৷  

author-image
Asomiya Pratidin
New Update
web jamu

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বৰদিকৰাই মিৰি গাঁৱৰ মৰাং ঘৰত ‌ টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত শনিবাৰে বিয়লি এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত  হয় । এই সাংগঠনিক কৰ্মশালাখন শুভাৰম্ভ কৰে এম এম কেৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে ৷  

Advertisment

অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি তিলক  দলেই। তেওঁ সাংগঠনিক দিশত তত্ত্ব গধুৰ মন্তব্য আগবঢ়োৱাৰ লগতে এম এম কে কেন্দ্ৰীয় সম্পাদক পোৰুষোত্তম দলেয়ো তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে টি এম পি কেৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগবিজয় দলে, শোণিতপুৰ জিলাৰ টি এম পি কেৰ সভাপতি ৰাজিব পেগু, এম এম কেৰ কেন্দ্ৰীয় সভাপতি মনজিৎ পাটগিৰী,মিচিং আগমৰ কেন্দ্ৰীয় সদস্য বীৰেন মিলি , টি এম পি কেৰ কেন্দ্ৰীয় সদস্য দীনেশ পাটগিৰীয়ে ৷

তাৰোপৰি অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী কমিছন মিলি , ধনেশ্বৰ পাও,গুনেশ্বৰী মিলি আৰু ২৬নং জীয়া ভৰলী মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন সাধাৰণ সদস্য ৰাজু চিন্তেকে ধৰি গণ্য মাণ্য ব্যক্তিসকলৰ উপস্থিতিত সম্পন্ন হয় কৰ্ম্মশালাখনি।

উক্ত কৰ্মশালাখনি নৱ প্ৰজন্মক লৈ অনুষ্ঠিত কৰা হয়। যাতে নৱপ্ৰজন্মই আগুন্তুক দিনসমূহত মিচিং জনগোষ্ঠীটোক শৈক্ষিক,সামাজিক,অৰ্থনৈতিক আৰু  সাংস্কৃতিক, ৰাজনৈতিক  দিশত আগুৱাই লৈ যোৱাৰ উপৰিও মিচিং স্বায়ত্ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰাৰ সংসদীয় আন্দোলনক শক্তিশালী ভাবে আগুৱাই লৈ যোৱাৰ বাবে নৱপ্ৰজন্মক সু দিহাপৰামৰ্শ আগবঢ়োৱা হয় ৷

jamugurihat