মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰে পত্ৰ প্ৰেৰণ ন্যায়ালয়লৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বহু কেইগৰাকী ব্যক্তি।

author-image
Asomiya Pratidin
New Update
GHYHIGHHHH

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বহু কেইগৰাকী ব্যক্তি। ৪০জনতকৈ অধিক লেখক, বুদ্ধিজীৱী, শিক্ষাবিদ আৰু সচেতন নাগৰিকে একত্ৰিত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিছে এখন মুকলি চিঠি।

মুকলি চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে কৰা মন্তব্যৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় মুখ্য ন্যায়াধীশগৰাকীক। উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈ এই পত্ৰখন হস্তান্তৰ কৰে অসম নাগৰিক সন্মিলনৰ এটা প্ৰতিনিধি দলে।

এই পত্ৰখনত বিশেষ সম্প্ৰদায়ৰ লোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা কিছুমান মন্তব্যও উল্লেখ কৰা হৈছে। যেনে- ‘ৰিক্সাৰ ভাড়া ৫ টকা হ’লে ৪ টকা দিব’। উল্লেখ্য যে, এই পত্ৰখনৰ জৰিয়তে কোৱা হৈছে যে- মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰি হিংসা বিয়পাব বিচাৰিছে। লগতে মোলিক অধিকাৰ উলংঘন কৰিছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা