গুৱাহাটীত ইণ্ডিয়ান চ’ছাইটী অৱ ভাছকুলাৰ এণ্ড ইণ্টাৰভেনচনেল ৰেডিঅ'লজীৰ মধ্যকালীন আলোচনা চক্রৰ আয়োজন

তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান চ’ছাইটী অৱ ভাছকুলাৰ এণ্ড ইণ্টাৰভেনচনেল ৰেডিঅ'লজী চমুকৈ ISVIRৰ মধ্যকালীন আলোচনা চক্র। ইয়াৰে উত্তৰ-পূৱ শাখাই আয়োজন কৰা এই আলোচনা চক্র ২৫, ২৬ আৰু ২৭ জুলাইত অনুষ্ঠিত হ'ব

author-image
Asomiya Pratidin
New Update
alosona

ডিজিটেল সংবাদ, গুৱাহাটী : তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব ইণ্ডিয়ান চ’ছাইটী অৱ ভাছকুলাৰ এণ্ড ইণ্টাৰভেনচনেল ৰেডিঅ'লজী চমুকৈ ISVIRৰ মধ্যকালীন আলোচনা চক্র। ইয়াৰে উত্তৰ-পূৱ শাখাই আয়োজন কৰা এই আলোচনা চক্র ২৫, ২৬ আৰু ২৭ জুলাইত অনুষ্ঠিত হ'ব মহানগৰীৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত। 

Advertisment

উদ্যোক্তাই জনোৱা অনুসৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৬ জুলাইত এই অনুষ্ঠানত অংশ গ্রহণ কৰিব। এই অভিৱৰ্তনৰ মূল বাণী- “জটিলতাৰ পৰা শিক্ষা“।

বিজ্ঞান আৰু প্ৰযুক্তিগত কৌশলৰ প্রতিনিয়ত বিকাশে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আনিছে অকল্পনীয় পৰিৱৰ্তন। এই ক্ষেত্ৰত ইণ্টাৰভেনচনেল ৰেডিঅ'লজী অর্থাৎ আই আৰ আধুনিক চিকিৎসা বিজ্ঞানৰ এক যুগান্তকাৰী উদ্ভাৱন। 

কেন্সাৰ, স্ট্রোক, বন্ধ হোৱা ৰক্তবাহী নলী, ৰক্তক্ষৰণ, সংক্ৰমণ আৰু বিভিন্ন বিষৰ চিকিৎসাৰ ক্ষেত্ৰত আই আৰ চিকিৎসা পদ্ধতি বর্তমান বহুলভাৱে ব্যৱহৃত। এই চিকিৎসা পদ্ধতিত ৰোগীৰ অস্ত্রোপচাৰ প্রয়োজন সাপেক্ষে সম্পন্ন কৰা হয়। 

এই চিকিৎসা পদ্ধতিত ৰোগী কম সময়ৰ বাবেহে চিকিৎসালয়ত থাকিবলগীয়া হয়। আনহাতে চিকিৎসাকালীন সময়ত ৰোগীয়ে অনুভৱ কৰে বহু কম কষ্টও। কিয়নো ৰোগীৰ শৰীৰত সৰু ফুটা কৰি ধমনী বা সিৰাৰ ৰাষ্টাৰে সম্পন্ন কৰা হয় বিশেষ অস্ত্রোপচাৰ। 

আই এছ ভি আৰৰ উত্তৰ-পূব শাখাৰ অধ্যক্ষ ডা০ প্রদীপ হাতীমতা আৰু সচিব ডা০ দিব্যমোহন হাজৰিকাই জনোৱা অনুসৰি পূৰ্বতে এই চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব লগা হৈছিল অসমৰ ৰোগী। কিন্তু বর্তমান ৰাজ্যৰ কেইবাখনো উচ্চপর্যায়ৰ চিকিৎসালয়ত এই চিকিৎসা ব্যৱস্থা উপলব্ধ।

গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান চছাইটী অব ভেছকুলাৰ এণ্ড ইন্টাৰভেনচনেল ৰেডিঅ'লজীৰ মধ্যকালীন আলোচনা চক্রত আই আৰ চিকিৎসা পদ্ধতি সন্দর্ভত কেইবাখনো আলোচনাসত্র অনুষ্ঠিত হ'ব। য'ত অংশ গ্রহণ কৰিব দেশৰ বহুকেইগৰাকী প্ৰসিদ্ধ বিশেষজ্ঞ চিকিৎসকে। 

আলোচনাসত্রত ছাত্র-ছাত্ৰী আৰু অন্যান্য ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়েও অংশ গ্রহণ কৰিব। ২৬ জুলাইত অতিথি বক্তা হিচাপে অংশ ল'ব অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল এ কে গগৈয়ে।

guwahati