শিৱসাগৰত জিকিৰ সম্পৰ্কীয় মনোজ্ঞ আলোচনাচক্ৰ সম্পন্ন…

ঐতিহাসিক শ’ৰাগুৰি চাপৰিৰ হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত “আজান পীৰৰ জিকিৰত মানৱতাবাদ” শীৰ্ষক এখনি তত্ত্বগধুৰ আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
জিকিৰ

ডিজিটেল সংবাদ, শিৱসাগৰ : ঐতিহাসিক শ’ৰাগুৰি চাপৰিৰ হজৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত “আজান পীৰৰ জিকিৰত মানৱতাবাদ” শীৰ্ষক এখনি তত্ত্বগধুৰ আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় ৷ ৰিম্পী তামুলী আৰু সংগীবৃন্দৰ জিকিৰেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিশ্ব মানৱৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে মুফতি ফাৰুক হুছেইনে ৷

Advertisment

দৰগাহ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট অধিবক্তা হাৰুনল ৰছিদৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° চেলিম আলি আহমেদে। তেওঁ কয় যে, আজান পীৰৰ জিকিৰত সমন্বয়ৰ দিশ জড়িত থকাৰ লগতে ইছলামৰ তাত্ত্বিক ধাৰণা সহজ সৰল ভাৱে উল্লেখ আছে ৷ আজান পীৰে অসমীয়া মাতত জিকিৰ তৰ্জমা কৰিছিল ৷ জিকিৰত মানৱতাবোধ আছে ৷ ইয়াত বিৰোধিতা নাই ৷ জিকিৰ বিৰোধিতাৰ পৰা বহু আতঁৰত ৷ সেইবাবেই আজান পীৰে গাব পাৰিছিল “মোৰ মনত ভেদভাব নাই ঐ আল্লাহ, হিন্দু কি মুছলমান এক আল্লাৰ ফৰমান ৷ 

আলোচনা চক্ৰ

তেওঁ কয়- খাজা মইনুদ্দিন চিষ্টি, নিজামউদ্দিন আউলিয়াই যিদৰে ৰাজকীয় প্ৰশাসনৰ পৰা আঁতৰি সাধাৰণ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিছিল ঠিক একেদৰে আজান পীৰেও ৰাজকীয় প্ৰশাসনৰ পৰা আঁতৰি সাধাৰণ মানুহৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল ৷ ড° চেলিম আলি আহমেদে কয় যে গদাধৰসিংহ এগৰাকী দূৰদৰ্শী  স্বৰ্গদেউ আছিল ৷  আজান পীৰক মোগলৰ গুপ্তচৰ বুলি প্ৰথমবাৰ দিয়া অভিযোগ স্বৰ্গদেউ গদাধৰ সিংহই পোনচাতেই নাকচ কৰিছিল ৷ গুৰুচৰিত্ৰত আজান পীৰৰ কথা উল্লেখ আছে ৷ 

পৰৱৰ্তীকালত মুছলমান বিষয়া ৰূপাই দাধৰাই ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে আজান পীৰৰ বিৰুদ্ধে মিছা অভিযোগ দি তেওঁক শাস্তি দিয়াইছিল ৷ তাৰ পূৰ্বে আজান পীৰ প্ৰায় পঞ্চাশ বছৰ ধৰি শান্তিৰে মানৱতাৰ বাণী বিলাইছিল ৷

উল্লেখযোগ্য যে আলোচনাচক্ৰখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বিশিষ্ট বুৰঞ্জীবিদ তথা নামৰূপ কলেজৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক জিতেন বৰপাত্ৰগোঁহাইয়ে কয় যে, আজান পীৰৰ মানৱতাবাদ এটা বিশাল বিষয় ৷ সাম্প্ৰতিক দেশৰ পৰিবেশ পৰিস্থিতিত আজান পীৰে গঢ়ি যোৱা সমন্ময় আৰু বিলাই যোৱা মানৱতাবাদৰ বিষয়ে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে বিয়পাই দিয়াৰ প্ৰয়োজন ৷ 

আজান পীৰৰ জিকিৰত একেশ্বৰবাদৰ লগতে মানৱতাবাদৰ দিশ স্পষ্ট ৰূপত প্ৰতিফলিত হয় ৷ এই পীৰ জনাই হিন্দু কি মুছলমান এক আল্লাহৰ ফৰমান জিকিৰেৰে ভাতৃত্ববোধৰ বাণী বিলাইছিল ৷ তেওঁ কয় ইছলাম ধৰ্ম আৰু মহাপুৰুষ শংকৰদেৱে একেশ্বৰবাদৰ কথা কয় ৷ 

একেদৰে জিতেন বৰপাত্ৰগোঁহাইয়ে কয়- আজান পীৰৰ জিকিৰত  মানৱতাবাদ ফুটি উঠিছে ৷ সংহতিয়ে বিসংগতি সৃষ্টি কৰিলে ৷ আমাৰ সমাজত জাতিভেদ প্ৰথা আছে ৷ সনাতনী ব্যৱস্থা ভালেই আছিল, পৰৱৰ্তী সময়ত জাতিভেদ প্ৰথা হ’ল ৷ শংকৰদেৱে এক কৰিছিল যদিও শংকৰদেৱৰ নামলৈ একাংশই সমাজখন ভাগ ভাগ কৰিলে ৷ এতিয়াও সেই ধাৰা অব্যাহত ৰাখিছে ৷  

লগতে কয়- মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণে জাতি দুৰ্বল কৰিলে ৷ জাতি আকৌ শক্তিশালী কৰিবলৈ হ’লে স্বৰ্গদেউ চুকাফা, শংকৰদেৱ আৰু আজান পীৰে গঢ়া সমন্বয়ক প্ৰাধান্য দিয়াৰ বিকল্প নাই ৷ অসমত আহোমতকৈ মুছলমান সকল ১৫/২০ বছৰৰ আগেয়ে আহিছিল ৷ পৰৱৰ্তী সময়ত মৰিয়াসকল আহিছিল ৷ স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনৰ পৰা বহু মুছলমান অসমলৈ আহি ইয়াতে বিয়াবাৰু কৰাই অসমীয়া হ’ল ৷ হ’লেও এতিয়া সাম্প্ৰদায়িক ৰাজনীতি চলিছে ৷  যিখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক কথা বতৰা কয় , যিখন ৰাজ্যত অনাঅসমীয়াই ৰাজনৈতিক শক্তিত বলিয়ান হৈ সাম্প্ৰদায়িক কথা কয় তাত জাতি কিদৰে শক্তিশালী হ’ব বুলি তেওঁ প্ৰশ্ন কৰে ৷ 

জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই আঁত ধৰা আলোচনাচক্ৰখনিত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই। আলোচনাচক্ৰত আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ উপদেষ্টা জাকিৰুল হুছেইন, অধিবক্তা দিগন্ত মঙ্গল নেওগ, শিৱসাগৰ উকীল সন্থাৰ সাধাৰণ সম্পাদক বিদ্যুত বিকাশ গগৈ, জিলা সাহিত্য সভাৰ সম্পাদক মনোজ গগৈ, আটাছুৰ সভাপতি বসন্ত গগৈ, পাৰ্থ গগৈ, সংগ্ৰামী সেনাৰ সভাপতি পংকজ খাউণ্ড, চফৰ আলী, সংগ্ৰামী যুৱক জিন্টু মেচ, আছু নেতা জীপম বৰা, চালেহউদ্দিন আহমেদ, আলিমউদ্দিন আহমদ, নবি উল্লাহ, জিন্টু মেচ, আফটাব আহমেদকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷

জিকিৰ-জাৰী