মায়ঙৰ কাটাখাল বিলত অঘটন : বোৱাৰীৰ সলিল সমাধি

মৰিগাঁও জিলাৰ মায়ঙৰ কাটাখাল বিলত বুধবাৰে দিনৰ ১২-০০ মান বজাত গা ধুবলৈ গৈ এগৰাকী বোৱাৰী সন্ধানহীন হয়। ১৯ বছৰীয়া বোৱাৰীগৰাকী হৈছে লেচাৰিপাৰ পামৰ নাহিদা খাতুন।

author-image
Asomiya Pratidin
New Update
gjcghk

ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ কাটাখাল বিলত বুধবাৰে দিনৰ ১২-০০ মান বজাত গা ধুবলৈ গৈ এগৰাকী বোৱাৰী সন্ধানহীন হয়। ১৯ বছৰীয়া বোৱাৰীগৰাকী হৈছে লেচাৰিপাৰ পামৰ নাহিদা খাতুন।

উল্লেখযোগ্য যে, পিতৃ আব্দুল লতিফৰ চকুৰ সন্মুখতে ঘটনাটো সংঘটিত হয়। প্ৰতিদিনে গা ধোৱা ঘাটটোতে আজিও নাহিদাই গা ধুবলৈ গৈ ডুব মৰাৰ পিছত আৰু উভতি নাহিল।

লগে হুলুস্থুল লগাত বিলৰ পাৰত আহি যথেষ্ট সংখ্যক লোকে ভিৰ কৰে আৰু একাংশ স্থানীয় লোকে বিচাৰ খোচাৰ কৰে যদিও বাতৰি লিখা পৰলৈকে  সন্ধান উলিয়াব পৰা নাই। ঘটনাৰ খবৰ পাই মায়ং থানাৰ  আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ ডুবাৰুসকলে নাহিদাক বিচাৰি চলাথ কৰে যদিও সন্ধান উলিয়াব নোৱাৰি সন্ধিয়াৰ আগে আগে অভিযান সামৰে। পুনৰ কাইলৈ অভিযান চলোৱাৰ সম্ভাৱনা আছে ।

MAYANG