ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মাঘ বিহুৰ পূৰ্বে নগাঁও জিলাৰ বটদ্ৰৱাৰ এখন বিদ্যালয়ৰ চোতালত বহিছে বজাৰ। এই ব্যতিক্ৰমী বজাৰ খনত কণকণ শিশু সকলক দেখা গৈছে বিক্ৰেতাৰ ৰূপত। আলু, কচু, মূলা, পালেং, ধনীয়া, লাই, লফা, লাও, কোমোৰা, বেঙেনাৰ লগতে অমিতা, বগৰী আদি থলুৱা উৎপাদিত শাক পাচলি আৰু ফল-মূল উভৈনদী হৈছে এই বিশেষ বজাৰ খনত।
নগাঁও জিলাৰ আদৰ্শ বিদ্যালয় বটদ্ৰৱাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা ভোগালী বিহুৰ পূৰ্বে আজি "শনিবৰীয়া চ’ৰা" কাৰ্যসূচীৰ অধীনত "অকণিৰ বজাৰ" শীৰ্ষক ভোগালী মেলাৰ আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলক পুথিগত জ্ঞানতেই আবদ্ধ কৰি ৰাখিব নিবিচৰা শিক্ষক-শিক্ষয়িত্ৰী সকলে শিশুৰ মাজত উদ্যমিতা বিকাশৰ বাবে এই বজাৰৰ ব্যৱস্থা কৰে।
মাঘৰ বিহু উপলক্ষে অনুষ্ঠিত কৰা উক্ত বজাৰত ছাত্ৰ-ছাত্ৰী সকলে ঘৰতে উৎপাদিত সা-সামগ্ৰী সমূহ বিক্ৰীৰ বাবে আনে। পিঠা-পনা, শাক-পাচলি, বতৰৰ ফল-মূল, গাখীৰ-কনী আদিৰে বিদ্যালয়ৰ বাকৰিত বজাৰ মেলা ছাত্ৰ-ছাত্ৰী সকলক স্থানীয় ৰাইজ আৰু অভিভাৱক সকলে ব্যাপক সহাৰি জনাই।
বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে জনাই যে ছাত্ৰ-ছাত্ৰী সকলক জাতীয় খাদ্য সম্ভাৰ আৰু ভোগালী বিহুৰ তাৎপৰ্য সম্পৰ্কে সম্যক জ্ঞান দিবলৈ আয়োজন কৰা উক্ত অনুষ্ঠানটিৰ জৰিয়তে বজাৰৰ সামাজিক আৰু সাংস্কৃতিক তাৎপৰ্য বুজি পোৱাত যথেষ্টখিনি সহায় কৰিছে৷
উল্লেখযোগ্য যে বটদ্ৰৱা সমষ্টিৰ একমাত্ৰ চৰকাৰী কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনে গ্ৰহণ কৰা এই পদক্ষেপক স্থানীয় ৰাইজ তথা অভিভাৱক সকলে প্ৰসংশা কৰিছে।