নগাঁৱত শিক্ষাগুৰুক লৈ ব্যতিক্ৰমী অনুষ্ঠান শিষ্যৰ

দেওবাৰে এক ব্যতিক্ৰমী কাৰ্যৰে চৰ্চালৈ আহিছে কেইজনমান প্ৰাক্তন ছাত্ৰ ৷ ১৯৯৭ চনত নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ ছাত্ৰসকলে অনুষ্ঠিত কৰিছে প্ৰয়াত শিক্ষকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা জীৱিত শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ

author-image
Asomiya Pratidin
New Update
327

ডিজিটেল সংবাদ, নগাঁও : দেওবাৰে এক ব্যতিক্ৰমী কাৰ্যৰে চৰ্চালৈ আহিছে কেইজনমান প্ৰাক্তন ছাত্ৰ ৷ ১৯৯৭ চনত নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ ছাত্ৰসকলে অনুষ্ঠিত কৰিছে প্ৰয়াত শিক্ষকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা জীৱিত শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ । 

Advertisment

লগতে অনুষ্ঠিত কৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ ৷ নগাঁৱৰ গ্ৰাম্য পুথিভঁড়ালৰ কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত দহ গৰাকী প্ৰয়াত শিক্ষকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে ৩০ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ৷

আনহাতে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি গ্ৰাম্য পুথিভঁড়ালৰ বৃদ্ধ আৱাসীসকলক বিনিমূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয় ৷ যি সময়ত গুৰু শিষ্যৰ সম্পৰ্কত সংঘাত দেখা গৈছে সেই সময়তে এই সকল প্ৰাক্তন ছাত্ৰৰ এই পদক্ষেপে এক তাৎপৰ্য বহন কৰাৰ লগতে এক আদৰ্শ হিচাপে পৰিগণিত হৈছে ৷

nagaon