সংগীত শিল্পী জে পি দাসৰ জন্মদিন উপলক্ষে ‘স্মৃতিৰে ৰঙীন এই আবেলি’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন

জনপ্ৰিয় সংগীত শিল্পী জে পি দাসৰ জন্মদিন উপলক্ষে ২৫ জুলাইৰ দিনৰ ১১বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'ব সংগীতমুখৰ এটি অনুষ্ঠান। ‘স্মৃতিৰে ৰঙীন এই আবেলি’ শীৰ্ষক অনুষ্ঠানত বিশেষকৈ জে পি দাসক লৈ সংগীত শিল্পী জীৱেন্দ্ৰ মোহন দেৱশৰ্মাই ৰচনা কৰা এটি দৃশ্য-শ্ৰব্য গীতৰ উন্মোচন হ'ব।

author-image
Asomiya Pratidin
New Update
AP FOR WEBjp

ডিজিটেল সংবাদ, গুৱাহাটী : জনপ্ৰিয় সংগীত শিল্পী জে পি দাসৰ জন্মদিন উপলক্ষে ২৫ জুলাইৰ দিনৰ ১১বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'ব সংগীতমুখৰ এটি অনুষ্ঠান। ‘স্মৃতিৰে ৰঙীন এই আবেলি’ শীৰ্ষক অনুষ্ঠানত বিশেষকৈ জে পি দাসক লৈ সংগীত শিল্পী জীৱেন্দ্ৰ মোহন দেৱশৰ্মাই ৰচনা কৰা এটি দৃশ্য-শ্ৰব্য গীতৰ উন্মোচন হ'ব। 

Advertisment

অনুষ্ঠানটিত কেইবাগৰাকীও সুখ্যাত কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব। তদুপৰি শিল্পী জে পি দাসৰ জন্মদিনৰ শুভ ক্ষণত তেওঁৰ সৈতে থাকিব তেওঁৰ কেইবাগৰাকীও নিকটাত্মীয়। 

কাইলৈৰ এই অনুষ্ঠানত সকলৰে উপস্থিতি কামনা কৰিছে আয়োজকসকলে ।

JP das