/asomiyapratidin/media/media_files/2025/05/03/tGVF0HVmxob2UZIUhURD.jpg)
২৫ বছৰ পূৰ্বেই সংঘটিত হৈছিল পেহেলগামতকৈও ভয়াৱহ কাণ্ড
ডিজিটেল ডেস্ক : পেহেলগামৰ মৰ্মান্তিক ঘটনাৰ পাছতে চৰ্চালৈ আহিছে অনন্তনাগৰ চিত্তসিংহপুৰাৰ সংঘটিত আন এক ঘটনা। যি ঘটনা পেহেলগামৰ ঘটনাতকৈও আছিল অতি ভয়াৱহ আৰু হৃদয়বিদাৰক।
সেই ঘটনা সংঘটিত হৈছিল আজিৰ পৰা ২৫ বছৰ আগেয়ে। অৰ্থাৎ ২০০০ চনৰ ২০ মাৰ্চত। য’ত সেই সময়ত ৩৫গৰাকী শিখক শাৰী পাতি থিয় কৰাই লৈ অতি নিৰ্দয়ভাৱে গুলিওৱা হৈছিল। ইয়াৰে ৩৪গৰাকী লোকে থিতাতে হেৰুৱাইছিল প্ৰাণ আৰু কথমপি ৰক্ষা পৰিছিল এগৰাকী শিখ ।
আজিও চিত্তসিংহপুৰাৰ সেই নিৰ্দিষ্ট স্থানত আছে গুলীৰ নিচান। গুলীৰ নিচানসমূহ প্ৰত্যক্ষ কৰি সকলোৱে আচৰিত হ’ব যে, কিমান নিৰ্দয়ভাৱে তেওঁলোকক হত্যা কৰা হৈছিল। নিৰ্বিচাৰভাৱে চলোৱা হৈছিল গুলী।
প্ৰণিধানযোগ্য যে, ঘটনাৰ সময়ছোৱাৰ পৰা আজিপৰ্যন্ত দেশত কংগ্ৰেছ আৰু বিজেপিয়ে ৩বাৰ শাসন কৰিলে। উক্ত সময়ছোৱাত কেন্দ্ৰত আছিল বিজেপি চৰকাৰ, তাৰপাছত কংগ্ৰেছ আৰু এতিয়া পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰ।
অতি পৰিতাপৰ কথা যে, কোনো এখন চৰকাৰে হত্যাৰ বলি হোৱা সেই শিখসকলৰ ৩৪টা পৰিয়ালৰ ন্যায়ৰ ব্যৱস্থা নকৰিলে। আজিও ন্যায়ৰ আশাত বন্দী তেওঁলোকৰ পৰিয়ালসমূহ। চিনাক্ত নহ’ল হত্যাকাৰী, নহ’ল উচিত তদন্ত, কোন জড়িত আছিল সেই ঘটনাত তাৰো নহ’ল কোনো ব্যৱস্থা। এনেদৰেই পাৰ হৈ গ’ল দুটা যুগৰো অধিক কাল।
এই সন্দৰ্ভত গিয়ানী ৰাজিন্দৰ সিঙে কয়- ২৫ বছৰৰো অধিক হ'ল, কিন্তু চিত্তসিংহপুৰাৰ শিখসকলে এতিয়াও ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। পৰিতাপৰ কথা এই ক্ষেত্ৰত কোনো এখন চৰকাৰে একোৱেই ব্যৱস্থা কৰা নাই। এইবাৰ ২০২৫ চনৰ ২০ মাৰ্চত আমি শিখ শ্বহীদৰ ২৫ সংখ্যক স্মৃতি দিৱস পালন কৰিলোঁ।
তেওঁ লগতে কয়- “শিখসকলে গুৰবাণীৰ নীতি অনুসৰণ কৰে। এই নীতি অনুসৰি শিখসকলে কেতিয়াও, কাকো ভয় নকৰে। সেইবাবেই আমি আজিও দৃঢ়তাৰে থিয় দিছো এই ঘটনাৰ বিৰুদ্ধে। নিৰীহ শিখসকলৰ হত্যাৰ ন্যায় বিচাৰিছো। সত্যক পোহৰলৈ আনিবই লাগিব। ইতিমধ্যে সুদীৰ্ঘ ২৫ বছৰ যুঁজ দিছো, আৰু দিম। আজি ইয়াৰ পৰাই দেশৰ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছো ন্যায়ৰ বাবে।“