ধেমাজিত ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষাৰ পাঠ শীৰ্ষক অনুষ্ঠান

দেশত জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ ৷ ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষাৰ পাঠ শীৰ্ষক ধেমাজি জিলা ভিত্তিত বিক্ষিত ভাৰত যুৱ সংসদৰ এক অনুষ্ঠান শনিবাৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
194

ডিজিটেল সংবাদ, ধেমাজি : দেশত জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ ৷ ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষাৰ পাঠ শীৰ্ষক ধেমাজি জিলা ভিত্তিত বিক্ষিত ভাৰত যুৱ সংসদৰ এক অনুষ্ঠান শনিবাৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি এন এচ এচৰ উদ্যোগত অনুষ্ঠিত এই  বিক্ষিত ভাৰত যুৱ সংসদৰ  অনুষ্ঠানৰ অধ্যক্ষতা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ডেভিদ কাৰ্দঙে ।

অনুষ্ঠানৰ শুভাৰম্ভ কৰে ধেমাজি জিলা পৰিষদৰ উপ  কাৰ্য্যবাহী বিষয়া নবীন কামানে ৷ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বড়িয়ে আদৰণী ভাষণ প্ৰদান কৰে ৷  

অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দিব্যজোতি দত্ত, লখিমপুৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° চুচেংফা গগৈ, ধেমাজি জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া নবীন কামান, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পংকজ বৰাই বিচাৰক হিচাপে উপস্থিত থাকে ৷ অনুষ্ঠানৰ আঁত ধৰে ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° ৰানু পেৰিয়াই ৷

WhatsApp Image 2026-02-28 at 8.16.12 PM

ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষাৰ পাঠ শীৰ্ষক ধেমাজি জিলা ভিত্তিত বিক্ষিত ভাৰত যুৱ সংসদ অনুষ্ঠানত মাছখোৱা ডিগ্রী কলেজ, চিলাপথাৰ কলেজ, মুর্কংচেলেক কলেজ,  ধেমাজি বানিজ্য মহাবিদ্যালয়, ধেমাজি ইঞ্জিনীয়াৰিং কলেজ, ধেমাজি চিটি কলেজ. চিচিবৰগাঁও মহাবিদ্যালয়, ধেমাজি জিলা শিক্ষক শিক্ষা প্ৰতিষ্ঠান তথা ডাইট, ডিব্রুগড় বিশ্ববিদ্যালয়, মৰিধল মহাবিদ্যালয়, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় আৰু জোনাই বালিকা মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিষয়বস্তুৰ ওপৰত সাৱলীল যুক্তি প্ৰদৰ্শন কৰে ৷

WhatsApp Image 2026-02-28 at 8.16.13 PM

অনুষ্ঠানত প্ৰথম স্থান লাভ কৰে ধেমাজি মহাবিদ্যালয়ৰ পলি দত্তই, দ্বিতীয় স্থান লাভ কৰে মুকংচেলেক জোনাই মহাবিদ্যালয়ৰ জোনমণি পেগুৱে। তৃতীয় স্থান লাভ কৰে  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আস্থা শৰ্মাই, চতুৰ্থ স্থান লাভ কৰে জোনাই গাৰ্লচ কলেজৰ  ইলা পেগুৱে, পঞ্চম স্থান লাভ কৰে ধেমাজি ডাইট কলেজৰ জিটুল কোচে ।

একেদৰে ষষ্ঠ স্থান লাভ কৰে মৰিধল মহাবিদ্যালয়ৰ দিব্যজ্যোতি বৰুৱাই। সপ্তম স্থান লাভ কৰে ধেমাজি ইঞ্জিনীয়াৰিং কলেজৰ জ্ঞাননকুৰ বৰুৱাই আৰু অষ্টম স্থান লাভ কৰে ধেমাজি  বাণিজ্য মহাবিদ্যালয়ৰ প্ৰনবি শইকীয়াই ৷

ধেমাজি