বাক্সাত বাল্য বিবাহ ৰোধৰ সচেতনতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত...

বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ৰ সম্মিলন কক্ষত জিলাখনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে এক সজাগতা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বক্সাত বাল্য বিবাহ ৰোধত সচেতনতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত...

ডিজিটেল সংবাদ মুছলপুৰঃ আজি বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ৰ সম্মিলন কক্ষত বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে এক সজাগতা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত লাট মণ্ডল,CMPO, চাহ বাগিছাৰ মেনেজাৰ, আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Advertisment

অনুষ্ঠানত জিলা শিশু সুৰক্ষা বিষয়া  ডাঃ লিপিকা বর্মনে আদৰণি ভাষণ প্ৰদান কৰে আৰু অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে জিলাখনত বাল্য বিবাহৰ পৰিস্থিতি সন্দৰ্ভত এক সংক্ষিপ্ত পৰ্যালোচনা আগবঢ়ায়।

বাক্সাৰ ডিএছপি(HQ) বদৰুল ইছলাম মজুমদাৰে বাল্য বিবাহ সম্পৰ্কীয় এফ.আই.আৰ.ৰ প্ৰক্ৰিয়া সম্পৰ্কত আলোচনা আগবঢ়াই। জিলাখনৰ উপ মুখ্য শিশু সুৰক্ষা বিষয়া ত্ৰিদীপ শৰ্মাই সভাত বাল্য বিবাহ ৰোধ বিষয়াৰ ভূমিকা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।  
তাৰোপৰি শিশু কল্যাণ কমিটিৰ সদস্য মৃ্ত্যুঞ্জয় মজুমদাৰে বাল্য বিবাহ ৰোধ কৰাত কমিটীৰ দায়িত্বসমূহ আলোচনা কৰে। সভাত দুমুনী আৰু ফতেমাৱাদ চাহ বাগিচাত আগন্তুক জুলাই মাহত এক ব্যাপক জন সচেতনতা কাৰ্য্যসূচীৰ ঘোষণা কৰা হয়। 

এই সভাতেই চি এম পি অ’সকলক তেওঁলোকৰ নিজ নিজ ৰাজহ গাঁওসমূহত সচেতনতামূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। লগতে, চাহ বাগিচা মেনেজমেন্টক লিফলেট, পোষ্টাৰ আৰু হৰ্ডিঙৰ জৰিয়তে সচেতনতা বৃদ্ধিৰ বাবে সহায় আগবঢ়াবলৈ আহ্বান জনোৱা হয়। 

অনুষ্ঠানৰ অন্তত ডাঃ বর্মনে ধন্যবাদ জ্ঞাপন কৰি সকলো বিভাগ আৰু অংশীদাৰসকলক একেলগে কাম কৰি বাল্যবিবাহ মুক্ত ভাৰতৰ লক্ষ্য পূৰণ কৰি জিলাখনৰ শিশুসকলৰ সুৰক্ষা আৰু বিকাশ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

বাল্য বিবাহ বাক্সা